অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক খুৱালে গাখীৰ-বিস্কুট - অসুস্থ নাহৰফুটুকী

উত্তৰ গুৱাহাটীত বাঘ ওলাইছে । সততে বাঘৰ মুক্ত বিচৰণ মানে আতংকময় পৰিস্থিতিৰ কথাই মনলৈ আহে । কিন্তু উত্তৰ গুৱাহাটীত দেখা গ'ল এক বিৰল দৃশ্য। ঘৰৰ চোতালতে গৃহস্থই গাখীৰ-বিস্কুট খুৱালে অসুস্থ নাহৰফুটুকীক ।

উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক গাখীৰ-বিস্কুট খুৱালে এজন লোকে
উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক গাখীৰ-বিস্কুট খুৱালে এজন লোকে

By

Published : Feb 2, 2021, 12:33 PM IST

বাইহাটা,১ ফেব্ৰুৱাৰী: বাঘে ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে উত্তৰ গুৱাহাটীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱত মঙলবাৰে পুৱতি নিশা এটা অসুস্থ নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে এজন লোকে । ধৰণী ঠাকুৰীয়া নামৰ লোকজনৰ ঘৰৰ সন্মুখতে নাহৰফুটুকীটোৱে বিচৰণ কৰি আছিল। আতংকিত হোৱাৰ পৰিৰ্ৱতে ধৰণী ঠাকুৰীয়াই অসুস্থ নাহৰফুটুকীটো নিজৰ ঘৰলৈ লৈ আনে ।

উত্তৰ গুৱাহাটীত অসুস্থ নাহৰফুটুকীক গাখীৰ-বিস্কুট খুৱালে এজন লোকে

ঘৰৰ চোতালতে নাহৰফুটুকীটোক গাখীৰ-বিস্কুট খুৱালে লোকজনে। কেৱল এয়াই নহয়,গৃহস্থই ঘৰৰ প্ৰতিটো কোঠা আৰু নামঘৰো দেখুৱালে বাঘটোক । বাঘৰ সৈতে ছেলফিও ল'লে গৃহস্থই । পিছত নাহৰফুটুকীটো স্থানীয় চিলা বন সংমণ্ডলক গতাই দিয়ে । বাঘটো মাইকী নাহৰফুটুকী বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে ।

লগতে পঢ়ক:শোণিতপুৰলৈ দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ শ্ৰেষ্ঠ বঁটা

ABOUT THE AUTHOR

...view details