বাইহাটা, ১৩ ফেব্ৰুবাৰী: আমিনগাঁৱৰ জয়গুৰুস্থিত বৌদ্ধ বিহাৰত শুক্ৰবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় । ভূটানৰ ৰাজ পৰিয়ালৰ দ্বাৰা পৰিচালিত বৌদ্ধ বিহাৰত কোনো নথকাৰ সুযোগতে চোৰে লুট-পাত চলায় । চোৰে লুটি নিলে কাঁহী-বাতিৰ লগতে ৰজাঘৰীয়া মূল্যৱান সামগ্ৰী । চোৰৰ কোপ দৃষ্টিৰ পৰা সাৰি নগ'ল, পানীৰ মটৰ বিকল চি চি টিভি কেমেৰাও । চুৰিকাণ্ডৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে চোৰ বিচাৰি চলাথ কৰে যদিও গভাইত চোৰে মূল্যৱান সামগ্ৰীৰ লৈ উধাও হয় ।
আনহাতে পলায়ন কৰাৰ সময়ত চিলিণ্ডাৰ, কাঁহী-বাতিৰ টোপোলা পেলাই থৈ যায় চোৰে । উল্লেখ্য যে, লকডাউনৰ সময়ৰ পৰাই বৌদ্ধ মন্দিৰত নাছিল পুৰুহিতসহ সকলো লোক । লগতে চি চি টিভি কেমেৰাও বিকল হৈ আছিল । এই সুযোগতে চোৰে লুট-পাত চলায় । আনহাতে, ভূটানৰ ৰাজ পৰিয়ালৰ সম্পত্তিৰ লালসাত কিছু বছৰ পূৰ্বে মন্দিৰ চৌহদতে নৃশংসভাৱে হত্যা কৰা হৈছিল ৰাজ পুৰুহিত চি এছ লামাক ।