অসম

assam

ETV Bharat / state

মাছ নহয় পুখুৰীত ওলাল বেটাৰী - ডেম্প

এইবাৰ পুখুৰীত মাছ নহয়,মাছৰ পৰিৱৰ্তে ওলাল বেটাৰী ৷ এই আজৱ ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত। পিছে উদ্ধাৰ হোৱা বেটাৰীসমূহ ৰূদ্ৰেশ্বৰৰ STEEL AND STYLE নামৰ ফাৰ্ণিচাৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 4জনকৈ লোকক ৷

North Guwahati Police Recovery Battery From Pond
মাছৰ সলনি পুখুৰীত ওলাল বেটাৰী

By

Published : May 8, 2021, 9:30 PM IST

বাইহাটা,8মে':মাছৰ পৰিৱৰ্তে এটা পুখুৰীত ওলাল বেটাৰী ৷ এই আজৱ ঘটনা সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত। জানিব পৰা মতে, দুদিন পুৰ্বে ৰূদ্ৰেশ্বৰৰ STEEL AND STYLE নামৰ ফাৰ্ণিচাৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ 40টাকৈ ইউ পি এছ বেটাৰী হৰলুকি হৈছিল । এই ঘটনাৰ পিছতে আৰক্ষীয়ে গৌৰীপুৰৰ এটা ডেম্পত উদ্ধাৰ কৰে কেইটামান চুৰি বেটাৰী ।

ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে কৰা সোধ-পোচৰ পিছতে পোহৰলৈ আহে ন ন তথ্য ৷ এই তথ্যৰ ভিত্তিতেই শনিবাৰে উদ্যোগটোৰ সমীপতে থকা এটা পুখুৰীৰ পৰা ৩৬টা বেটাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ তদুপৰি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আজনুৰ আলী,মইনুল হক,ৰহিজ্জুদ্দিন আলী,আজদুল ৰহমান নামৰ 4জনকৈ ডেম্পৰ লোকক আটক কৰে ।

মাছ নহয় মাছৰ সলনি পুখুৰীত ওলাল বেটাৰী

আনহাতে, আমিনগাঁৱস্থিত শীত-তাপ নিয়ন্ত্ৰিত জিৰণি কোঠাৰ পৰাও বেটাৰী চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে । এই ঘটনা সন্দৰ্ভতো উত্তৰ গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে,উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সমীপৰ হাইৱে'ৰ মাটি বেদখল কৰি এচাম সন্দেহযুক্ত লোকে গঢ়িছে কুৰিটাতকৈ অধিক ডেম্প । যি ডেম্প এতিয়া চুৰি ডকাইতিৰ আখৰাৰ কেন্দ্ৰ হৈ পৰিছে । পিছে অপৰাধৰ ঘাটি হিচাপে পৰিচিত ডেম্প উচ্ছেদৰ বাবে পদক্ষেপ ল'বনে আৰক্ষীয়ে ? সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details