বাইহাটা, 15 জানুৱাৰী : ভোগৰ উৎসৱ ভোগালীৰ মাজতে উত্তৰ গুৱাহাটীৰ ৰংমহলত আয়োজন কৰা হয় আমোদজনক কলগছ বগোৱা খেল । হাঁড় কঁপোৱা শীতত গাত মিঠাতেল সানি কল গছ বগোৱা খেলত অংশগ্ৰহণ কৰে এজাক কিশোৰে ।
উত্তৰ গুৱাহাটীত পৰম্পৰাগত কলগছ বগোৱা খেলৰ আয়োজন - TRADITIONAL GAME
ভোগালী বিহু উপলক্ষে পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত আয়োজন কৰা হয় কলগছ বগোৱা খেল ।
উত্তৰ গুৱাহাটীত পৰম্পৰাগত কলগছ বগোৱা খেলৰ আয়োজন
আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা পৰম্পৰাগত খেল-ধেমালিবোৰ ধৰি ৰাখিবলৈ আয়োজন কৰা হয় এই পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতাৰ ৷ এই আমোদজনক খেল উপভোগ কৰিবলৈ ৰংমহলত অসংখ্য লোকৰ সমাগম দেখিবলৈ পোৱা যায়। ৰংমহল ভাৰতী পুথিভঁৰালৰ উদ্যোগত প্ৰতি বছৰে মাঘ বিহু উপলক্ষে আয়োজন কৰা হয় এই কলগছ বগোৱা খেল ।
লগতে পঢ়ক: লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
Last Updated : Jan 15, 2021, 3:16 PM IST