অসম

assam

By

Published : Sep 18, 2020, 4:48 PM IST

ETV Bharat / state

উত্তৰ গুৱাহাটী ৰ’পৱে টাৰ্মিনেলত উত্তেজনা

মহানগৰীৰ ৰ’পৱে টাৰ্মিনেলত সৃষ্টি অপ্ৰীতিকৰ পৰিস্থিতি ৷ ৰ'পৱে যাত্ৰা বাতিল কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই পৰিস্থিতি ৷ ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ ৷

North Ghy Ropeway Complain Rana Zaman caught guwahati assam etv bharat news
ৰ’পৱে টাৰ্মিনেলত উত্তেজনা

বাইহাটা,18 ছেপ্তেম্বৰ:মুকলিৰ পিছতো বিতৰ্কই লগ এৰা নাই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে সেৱাক ৷ বৃহস্পতিবাৰে নিশা এই টাৰ্মিনেলত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ মূলতঃ ৰ'পৱে যাত্ৰা বাতিল কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই পৰিস্থিতিৰ কাৰণ হৈছে টিকট দিয়াৰ পিছতো ৰ’পৱেৰ পৰা নমাই দিয়া হয় যাত্ৰীক ৷ এই ঘটনাক কেন্দ্ৰ কৰি যাত্ৰী আৰু ৰ’পৱে কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা ৷

ৰ’পৱে টাৰ্মিনেলত উত্তেজনা

ইতিমধ্যে ঘটনা সম্পৰ্কত ৰ’পৱে কৰ্তৃপক্ষই উত্তৰ গুৱাহাটী আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ ৷ কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি,ৰ’পৱেত অনাধিকাৰ প্ৰৱেশ কৰিছিল ৰাণা জামান নামৰ এগৰাকী ব্যৱসায়ী ৷ ৰ’পৱে কৰ্তৃপক্ষৰ এই অভিযোগৰ ভিত্তিত উত্তৰ গুৱাহাটী আৰক্ষীয়ে দক্ষিণ শৰণীয়াস্থিত বাসভৱনৰ পৰা নিশা আটক কৰে ব্যৱসায়ীগৰাকীক ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ৷ তদুপৰি ৰ’পৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে মুখ খোলা ব্যৱসায়ীগৰাকীয়ে 5 বজাত বন্ধ হোৱা ৰপ’ৱে সেৱাৰ 6 বজাত কেনেকৈ টিকট প্ৰদান কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে চাওকঃগোলাঘাটৰ দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

ABOUT THE AUTHOR

...view details