বাইহাটা, 17 ফেব্ৰুৱাৰী: ৰাজ্যৰ নদী যাত্ৰীৰ বাবে সু-খবৰ ৷ আভ্যন্তৰীণ জল বিভাগত সংযোজন হ’ব অন্য এক অধ্যায় ৷ বৃহস্পতিবাৰে ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ অত্যাধুনিক প্ৰযুক্তি ৰপেক্স জাহাজ ৷
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব এই অত্যাধুনিক জাহাজকেইখন ৷ ইয়াৰে মাজুলী-নিমাতীত দুখন জাহাজ, গুৱাহাটী-উত্তৰ গুৱাহাটীত এখন জাহাজ আৰু আনখন জাহাজ ধুবুৰীত চলিব । অত্যাধুনিক জাহাজসমূহৰ জৰিয়তে সুৰক্ষিত হৈ নদী পাৰ হব পাৰিব যাত্ৰী সকল ।