বাইহাটা চাৰিআললি,22 আগষ্ট :আমিনগাঁৱত চৰকাৰী সুলভ মূল্যৰ কাৰ্ডৰ হিতাধিকাৰীৰ প্ৰতিবাদ । হাজোৰ বামুন্দী গাঁও পঞ্চায়তৰ অন্তৰ্গত টাঙানমাৰী গাঁৱত সুলভ মূল্যৰ চাউলৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । ৰমজান আলী নামৰ সুলভ মূল্যৰ এজেন্ট গৰাকীৰ বিৰুদ্ধে সুলভ মূল্যৰ সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে ।
সুলভ মূল্যৰ কাৰ্ড জালিয়াতিৰে দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা ব্যৱস্থাপনাৰ চাউল আত্মস্যাৎ কৰাৰ অভিযোগ ৰমজান আলীৰ বিৰুদ্ধে । হিতাধিকাৰীৰ চাউল আত্মস্যাৎ কৰি চৰা দামত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে ৰমজান আলীৰ বিৰুদ্ধে । ইফালে সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰি ৰঙাঘৰৰো আলহী হৈছিল ৰমজান আলী নামৰ অসাধু সুলভ মূল্যৰ এজেন্ট গৰাকী ।