কামৰূপ, 27 আগষ্টঃ কামৰূপ জিলাবাসীৰ বাবে সু-খবৰ । ৰাজ্যৰ ভিতৰতে প্ৰথমটো সমন্বিত জিলা উপায়ুক্তৰ কাৰ্যালয় হ'ব আমিনগাঁৱ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় । অত্যাধুনিক সমন্বিত কাৰ্যালয়টোত থাকিব প্ৰতিটো বিভাগৰে সুকীয়া কাৰ্যালয় । ইতিমধ্যে ৮০% কাম সম্পূৰ্ণ হৈছে কাৰ্যালয়টোৰ । বহু কৌটি টকাৰে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক উপায়ুক্ত কাৰ্যলয়টো । ৰাজ্যৰ ভিতৰতে সমন্বিত উপায়ুক্ত কাৰ্যলয়টোত থাকিব একেলগে জিলাৰ প্ৰতিটো বিভাগৰ জিলা কাৰ্যালয় ।
আমিনগাঁৱত নিৰ্মাণ প্ৰথমটো সমন্বিত জিলা উপায়ুক্ত কাৰ্যালয় - intergreated DC office
ৰাজ্যৰ ভিতৰতে প্ৰথমটো সমন্বিত উপায়ুক্তৰ কাৰ্যালয় হ'ব আমিনগাঁৱ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় । চলিত বৰ্ষতেই উদ্ধোধন হ'ব কাৰ্যালয়টো । বৃহস্পতিবাৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকয়ে সদৰি কৰে এই কথা ৷
![আমিনগাঁৱত নিৰ্মাণ প্ৰথমটো সমন্বিত জিলা উপায়ুক্ত কাৰ্যালয় কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8577257-249-8577257-1598534454496.jpg)
আমিনগাঁৱত নিৰ্মাণ প্ৰথমটো INTERGREATED জিলা উপায়ুক্ত কাৰ্যালয়
আমিনগাঁৱত নিৰ্মাণ প্ৰথমটো INTERGREATED জিলা উপায়ুক্ত কাৰ্যালয়
উল্লেখ্য যে, ২০০৯ চনতে গঠন হোৱা কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যলয়টোত আজিপৰ্যন্ত এটি অস্থায়ী গৃহৰ পৰাই চলাই আছে কামকাজ । চলিত বৰ্ষতেই উদ্ধোধন কৰা হ'ব আমিনগাঁৱ নতুন কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় । কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকয়ে সদৰি কৰিলে এই কথা ।
লগতে পঢ়কঃ বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল