অসম

assam

ETV Bharat / state

মুখত কলা কাপোৰ বন্ধি কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ - বিক্ষোভ কাৰ্যসূচী

নাগৰিকত্ব সংশোধনি আইন 2019, ইআইএ বাতিল আৰু অসম চুক্তি ৬ নং দফা ৰূপায়ণ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৷ তদুপৰি কামৰূপ জিলাৰ আছুৰ কৰ্মী সকলে মুখত কলা কাপোৰ বান্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰৱল বিৰোধীতা কৰা দেখা যায় ৷

north-ghy-amingaon-aasu-protest
মুখত কলা কাপোৰ বন্ধি কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ

By

Published : Jan 23, 2021, 8:55 PM IST

আমিনগাঁও, 23 জানুৱাৰী :নাগৰিকত্ব সংশোধনি আইন 2019, ইআইএ বাতিল আৰু অসম চুক্তি ৬ নং দফা ৰূপায়ণ দাবীত সমগ্ৰ অসম প্ৰতিবাদ অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ ইয়াৰ লগত সংগতি ৰাখি আমিনগাঁৱতো শনিবাৰে অসমীয়াৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৷

মুখত কলা কাপোৰ বন্ধি কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ

বিক্ষোভ কাৰ্যসূচী অংশ গ্ৰহণ কৰি বিভিন্ন শাসক বিৰোধী শ্ল'গানৰে কা' বাতিল আৰু অসম চুক্তি ৬ং দফা ৰূপায়ণ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ তদুপৰি আছুৰ কৰ্মী সকলে মুখত কলা কাপোৰ বান্ধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰৱল বিৰোধীতা কৰা দেখা যায় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৈশ জাপন কৰা পৰিদৰ্শন বঙলাৰ সমীপতে এই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰকাশ দাস আৰু সহকাৰী সাধাৰন সম্পাদক ধৰ্মেশ্বৰ দাসে ।

লগতে পঢ়ক: কা বাতিলৰ দাবীৰে মুখত ক'লা কাপোৰ বান্ধি আছুৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details