অসম

assam

By

Published : Mar 18, 2021, 4:21 PM IST

ETV Bharat / state

বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল

বৃহস্পতিবাৰে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগমুহুৰ্তত জ্যোতিপ্ৰসাদ দাসৰ বাসগৃহত অজস্ৰ দলীয় সমৰ্থকে ভীৰ কৰাৰ লগতে তেওঁক উস্ম আদৰণি জনায় ৷

বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল
বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল

বকো,18 মাৰ্চ:ৰাজ্যৰ চৌদিশে এতিয়া বৈছে নিৰ্বাচনৰ গৰম বতাহ । উজনি অসমত মনোনয়ন দাখিল কৰাৰ পিছতে নামনি অসমত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ ৷ বৃহস্পতিবাৰে ৪৮ নং বকো বিধানসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগমুহুৰ্তত জ্যোতিপ্ৰসাদ দাসৰ বাসগৃহত অজস্ৰ দলীয় সৰ্মথকে ভীৰ কৰাৰ লগতে উস্ম আদৰণি জনোৱা দেখা যায় ৷

বকোত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ মনোনয়ন দাখিল

ইপিনে সাংবাদিকৰ আগত নেতা গৰাকীয়ে কয় যে, অগপ নেতা গৰাকীয়ে ৩৬ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি সাংবাদিক আগত ব্যক্ত কৰে । মন কৰিবলগীয়া যে, প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰতিবাদত বকো বিজেপিয়ে বকোৰ ৰাজপথ উত্তাল কৰি তোলাৰ পাছতো বৃহস্পতিবাৰে অগপ প্ৰাৰ্থী গৰাকীক পূৰ্ণ সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিলত উপস্থিত থকা দেখা যায় । মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমিনগাঁৱলৈ যাত্ৰা কৰাৰ পথত প্ৰাৰ্থী গৰাকীয়ে বিজেপি কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে । একেদৰে মন্দিৰ, মছজিদতো আশীষ লয় প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়কঃ তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

ABOUT THE AUTHOR

...view details