ৰঙিয়া,28 জুন :ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰতিষেধক সকলোৰে বাবে বাধ্যতামূলক কৰাৰ পাচতে ৰঙিয়াবাসীৰ মাজত লাগিছে হাহাকাৰ ৷ কিয়নো বিগত দুটা দিনে ৰঙিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰত নাই প্ৰতিষেধক ৷ শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক'ভিড প্ৰতিষেধক যোগান নধৰাৰ ফলত বহুতে ভয় শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷
ৰঙিয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত 12 টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ প্ৰায়বোৰতে নাই প্ৰতিষেধক ৷ যাৰ ফলত ৰাতিপুৱাৰ পৰাই শাৰী পাতি ৰৈ ৰৈ উভতি যাবলগীয়া হৈছে শ শ লোক ৷ সততে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমানৰ প্ৰতিষেধক যোগান ধৰাৰ কথা কৈ থাকিলেও বাস্তৱ ক্ষেত্ৰত সেয়া হৈ উঠা নাই ৷ তাৰ প্ৰকৃত তথা জলন্ত উদাহৰণ ৰঙিয়াৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ ।
বিগত দুটা দিনে দূৰ-দূৰণিৰ পৰা প্ৰতিষেধক ল'বলৈ আহি শ শ লোকে উভতি যাবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৷ স্বাস্থ্য বিভাগৰ এনে গুৰুত্বহীনতা তথা দায়িত্বহীন কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰঙিয়া অঞ্চলত ৷