বকো, 19 মাৰ্চ:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ তাৰ সমান্তৰালভাৱে শিক্ষা বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ ইয়াৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে কামৰূপ জিলা গোৰ্খা কল্যাণ পৰিষদ (Kamrup Gorkha welfare association) ৷
উল্লেখ্য যে, মাজনিশা টুইটযোগে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিয়েই নিজৰ সকলো দায়িত্ব সামৰিছে শিক্ষামন্ত্ৰীকে ধৰি বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু পৰীক্ষা বাতিল কৰাৰ কথা পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ আহিহে গম পালে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ যি অঞ্চলত বিদ্যুৎ সেৱা নাই, যি অঞ্চলত ভালদৰে ইণ্টাৰনেট সেৱা উপলব্ধ নহয়, বিপাঙত পৰিল তেনে অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল ৷ এনে পৰিস্থিতিত পৰীক্ষাৰ্থীসকল কেনে এক মানসিক চাপত ভুগিছে সেয়া তেওঁলোকৰ বাহিৰে বুজি পোৱাতো কাৰো পক্ষে সম্ভৱ নহয় (HSLC exam postpone) ৷
তেনে এক অঞ্চল হ’ল অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পী অঞ্চল ৷ উল্লেখ্য যে, বকোৰ লাম্পী অঞ্চলত নাই ম’বাইল নেটৱৰ্কৰ সুবিধা (Internet connection at Boko) ৷ বিদ্যুৎ সংযোগ আছে যদিও অধিকাংশ সময়েই নাথাকে বিদ্যুৎ ৷ যাৰবাবে 30-35 কিলোমিটাৰ নিলগৰ পৰা পুৱাই পৰীক্ষা দিবলৈ বুলি সাজু হৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল ৷ কিন্তু পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পাচতহে জানিব পাৰিলে যে পৰীক্ষা বাতিল কৰা হৈছে ৷