মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ - মাতৃভূমি
সোমবাৰে দুপৰীয়া বিমানযোগে অসমভূমি পালেহি ঝাৰখণ্ডত নিহত অসমৰ বীৰ শ্বহীদ নীৰজ চেত্ৰী ৷
![মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3459471-479-3459471-1559560072285.jpg)
মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ
আজাৰা,3 জুনঃ মাতৃভূমি অসম পালেহি ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্যত নিহত হোৱা অসমৰ বীৰ শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ ৷ সোমবাৰে বিমানযোগে বৰঝাৰ বিমানবন্দৰ পোৱাৰ পাচতে বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জনায় মহানগৰ আৰক্ষী আয়ুক্ত, আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে এচ এচ বিৰ জোৱানসকলে ৷ উল্লেখ্য যে, গুৱাহাটী বিমানবন্দৰৰ পাচতে তেজপুৰ আৰু গহপুৰত থকা এচ এচ বিৰ কাৰ্যালয়ত সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জনায় গহপুৰৰ হেলেমস্থিত স্বগৃহলৈ নিয়া হ‘ব শ্বহীদগৰাকীৰ মৃতদেহ ৷
মাতৃভূমিত শ্বহীদ নীৰজ চেত্ৰীৰ নশ্বৰ দেহ