অসম

assam

নিৰাপত্তাৰ নামত কি চলিছে কামাখ্যা ৰেল ষ্টেচনত ?

By

Published : May 9, 2019, 7:52 PM IST

বুধবাৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে মহানগৰীত আই এচ আই এচৰ লক্ষ্য হোৱাক লৈ তথ্য প্ৰকাশ কৰাৰ সমান্তৰালকৈ উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ কামাখ্যা ষ্টেচনত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি। নিৰাপত্তাৰ নামত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰে'ল বিভাগ তথা ৰেল আৰক্ষীয়ে।

নিৰাপত্তাৰ নামত কি চলিছে কামাখ্যা ৰেল ষ্টেচনত ?

গুৱাহাটী,9মে': এইবাৰ ISISৰ লক্ষ্য হ'ব পাৰে অসম তথা গুৱাহাটী মহানগৰী। যিকোনো মুহুৰ্ততে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব পাৰে সন্ত্ৰাসবাদী সংগঠনটোৱে। বুধবাৰে এই তথ্য প্ৰকাশ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দ্বীপক কুমাৰে। যাৰ বাবে এতিয়া মহানগৰীৰ বিভিন্ন স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। বিভিন্ন বিভাগলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। কিন্তু আৰক্ষীৰ এনে সতৰ্কবাণীৰ সমান্তৰালকৈ উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ কামাখ্যাষ্টেচনত দেখিবলৈ পোৱা গ'ল বিপৰীত ছবি। নিৰাপত্তাৰ নামত এই পৰ্যন্ত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই সদাব্যস্ত মহানগৰীৰ অন্যতম ৰে'লৱে ষ্টেচনটোত। দুই এজন আৰক্ষী আছে যদিও তালাচীৰ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰে'ল আৰক্ষী। মুঠৰ ওপৰত মহানগৰ আৰক্ষীৰ সতৰ্কবাণীৰ পাচতো তৎপৰ হোৱা নাই ৰে'ল বিভাগ তথা ৰেল আৰক্ষী ৷

নিৰাপত্তাৰ নামত কি চলিছে কামাখ্যা ৰেল ষ্টেচনত ?

ABOUT THE AUTHOR

...view details