অসম

assam

ETV Bharat / state

পাঁচ কয়লা ভৰ্তি ট্ৰাকসহ বকোত আটক 9 জন

বকোত জব্দ অবৈধভাৱে কয়লা সৰবৰাহ কৰা ৫ খন কয়লা ভৰ্তি ট্ৰাক (Boko police seized illegal coal laden) ৷ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জব্দকৃত ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডিমেনসহ ৯ জনক ৷ মেঘালয়ৰ পৰা ছয়গাঁৱৰ উকিয়াম হৈ কয়লা সৰবৰাহ কৰা সময়তে জব্দ হয় ট্ৰাক কেইখন ৷

By

Published : Mar 25, 2022, 2:16 PM IST

Boko police seized illegal coal laden
বকোত জব্দ অবৈধভাৱে কয়লা সৰবৰাহ কৰা ৫ খন কয়লা ভৰ্তি ট্ৰাক

বকো, 25 মাৰ্চ : ৰাজ্যৰ পৰা অপৰাধ তথা দুৰ্নীতি নাশ কৰাৰ বাবে বদ্ধপৰিকৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ ৷ আনকি বিভিন্ন সময়ত ৰাজ্যৰ পৰা অপৰাধ বিনাশ কৰাৰ বাবে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হৈছে ৷ যাৰ ফলত কিছু পৰিমাণে হ’লেও দুৰ্নীতি তথা অনিয়ম ৰোধ কৰিবলৈ সক্ষম হৈছে যদিও ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে অপৰাধ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ তথা প্ৰশাসনে ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে বকো আৰক্ষীয়ে বকোৰ পৰা জব্দ কৰে ৫ খন অবৈধভাৱে সৰবৰাহ কৰা কয়লা ভৰ্তি ট্ৰাক (Illegal coal laden truck seized at Boko) ৷ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ট্ৰাক চালক আৰু হেণ্ডিমেনসহ 9 জন লোকক ৷ জানিব পৰা মতে, ছয়গাঁৱৰ উকিয়াম হৈ মেঘালয়ৰ পৰা লৈ অবৈধভাৱে কয়লা সৰবৰাহ কৰিছি এই 5 খন কয়লা ভৰ্তি ট্ৰাকে ৷

বকোত জব্দ অবৈধভাৱে কয়লা সৰবৰাহ কৰা ৫ খন কয়লা ভৰ্তি ট্ৰাক

আনহাতে, জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ হৈছে AS25 FC 0102, AS01 EC 6316, AS01 C 8811, AS12 E 6919 আৰু AS25 AC 0848 ।

এক গোপন তথ্য ভিত্তিত, বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বকোত অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত চলাইছিল এক অভিযান ৷ এই অভিযানতে বকো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় অবৈধভাৱে কয়লা সৰবৰাহ কৰা 5 খন কয়লা ভৰ্তি ট্ৰাক (Boko police seized illegal coal laden truck) ৷ জানিব পৰা মতে, অবৈধভাৱে কয়লা সৰবৰাহ কৰা জব্দকৃত কয়লাখিনিৰ মূল্য কেইবা লক্ষাধিক হ’ব ৷

উল্লেখ্য যে, মেঘালয়ৰ পৰা বকোৰ হাহিম পথৰে কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ সুযোগ লৈ একাংশ অসাধু কলয়া ব্যৱসায়ীয়ে অন্য পথৰে চোৰাংভাৱে কয়লা সৰবৰাহৰ ৰমৰমীয়া বেহা চলাই গৈছিল । বৰ্তমানেও বকো আৰক্ষীয়ে কৱলত আছে আটকাধীন ট্ৰাক চালক আৰু হেণ্ডিমেনসহ ৯ জন ৷ বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Gambling in Guwahati : মহানগৰীত ৬ তীৰৰ বুকি গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details