দক্ষিণ কামৰূপ, 20 অক্টোবৰ :ৰাভা হাছং এলেকাত বিজেপিক ধুলিস্যাৎ কৰিব ৰাভা হাছঙে । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ 6 ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তনকৰাক লৈ আৰু ৰাভা হাছং এলেকাৰ বাহিৰৰ লোক সকলৰ সুৰক্ষাৰ বাবেৰাভা উন্নয়ন পৰিষদগঠন নকৰাৰ বাবে এই সিদ্ধান্ত ৰাভা হাছঙৰ । এই মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নিপেন খাণ্ডৰ ৷ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ লোহাৰঘাটত আয়োজন কৰা এক জন জাগৰণ সভাত এই মন্তব্য প্ৰদান সভাপতি গৰাকীৰ ৷
উল্লেখ্য যে, নিৰ্বাচনকলৈ কেইটামান মাহ বাকী থকাৰ সময়তে ৰাভা হাছঙে বিজেপিৰ সংগ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 2016 চনৰ নিৰ্বাচনত ৰাভা জাতীয় সংগঠনসমূহে যি আশা লৈ বিজেপিৰ লগত মিলিত হৈ চৰকাৰৰ অংশীদাৰ হৈছিল, সেই আশা সফলৰ নোহোৱাৰ এনে বৃহৎ সিদ্ধান্ত ঘোষণা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ ।