ৰঙিয়া,22 জুন:মঙবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল ৰঙিয়া ৷ এইবাৰ ৰঙিয়াত প্ৰতিবাদত বহিল নিখিল ভাৰত কৃষক সভা ৷ ৰঙিয়াৰ শ্ৰমিক ভৱন প্ৰাংগনত নিখিল ভাৰত কৃষক সভাৰ কামৰূপ জিলাৰ সদস্যসকলে শাসনাধীস্থ চৰকাৰ খনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
ৰাজ্যত এফালে কৰ’ণা মহামাৰীৰ সন্ত্ৰাস, আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জৰুলা কৰিছে ৰাজ্যৰ সৰ্ব-সাধাৰণ জনতাক ৷ ইয়াৰ মাজতে আকৌ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসনো ৷ ক’ভিড মহামাৰীৰ এই ভয়াবহতাৰ সময়তে ৰাজ্যৰ প্ৰশাসনে কৰা এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰঙিয়াৰ নিখিল ভাৰত কৃষক সভা ৷
ৰঙিয়াৰ নিখিল ভাৰত কৃষক সভাৰ দাবী,‘‘ অমানৱীয়ভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কৰা উচ্ছেদ, আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধৰ লগতে কৃষি আৰু কৃষক বিৰোধী তিনি আইন বাতিল কৰক’’ ৷