অসম

assam

ETV Bharat / state

NH-27 in Rangia: ব্লেক স্পট হিচাপে চিনাক্ত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ - National Highways Authority of India

মৃত্যুদূতলৈ পৰিণত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । সঘনে সংঘটিত হোৱা দুৰ্ঘটনাত বহুলোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ব্লেক স্পট হিচাপে চিনাক্ত কৰে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা (NH-27 in Rangia identified as black spot) ।

NH-27 in Rangia identified as black spot
ব্লেক স্পট হিচাপে চিনাক্ত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : May 19, 2023, 3:14 PM IST

ৰঙিয়া,১৯ মে': ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্লেক স্পট হিচাপে ঘোষণা । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (National Highways Authority of India) ব্লেক স্পট হিচাপে চিনাক্ত কৰে ঘাইপথচোৱা । কিয়নো শেহতীয়াকৈ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোচাইটি মুৰাৰা চকৰ লগতে ৰঙিয়াৰ কেইবা ঠাইতো দৈনিক সংঘটিত পথ দুৰ্ঘটনা হৈ আহিছে (NH-27 in Rangia identified as black spot) ।

সৰু-বৰ দুৰ্ঘটনাসমুহত বহু লোক থিতাতে নিহত হোৱাৰ লগতে চিৰ দিনৰ বাবে ঘুণীয়া হৈছে শ শ লোক । ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনা সংঘটিত হোৱা ঠাইবোৰত কোনো সংকেতৰ ব্যৱস্থা নথকা আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বিজ্ঞানসন্মতভাৱে ডিভাইদাৰ নথকাৰ বাবেই দুৰ্ঘটনাবোৰ সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে(Many road accidents take place on NH-27 in Rangia) ।

ব্লেক স্পট হিচাপে চিনাক্ত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

ইফালে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা ঠাইবোৰত তাৎক্ষণিক স্বাস্থ্য সেৱাৰ ব‍্যৱস্থা নথকাৰ ফলতো বহুলোকে চিকিৎসা সেৱা লাভ কৰাৰ পূৰ্বেই মৃত্যু মুখত পৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ কাৰ্যকালত আশ্বাস দিছিল যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কিন্তু আজি কেইবা বছৰ উকলি যোৱাৰ পিছতো এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল চৰকাৰ অথবা প্ৰশাসনৰ ফালৰ পৰা ।

যাৰবাবে এনেদৰে এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে । লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে । আনহাতে নিজৰ বিফলতা ঢাকিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চোচাইটি মুৰাৰা চকত উৰণীয়া সেঁতু নিৰ্মাণ কৰিবলৈ লৈছে বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ।

ৰাইজৰ দাবী উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পূৰ্বেই দুৰ্ঘটনা সংঘটিত হোৱা স্থানসমুহত চিগনেলৰ ব্যৱস্থা কৰক আৰু বিজ্ঞানসন্মতভাৱে ডিভাইদাৰসমুহ নিৰ্মাণ কৰক । নহ'লে চৰকাৰ তথা বিভাগটোৰ গাফিলতিৰ ফলতে প্ৰাণ হেৰুৱাব লাগিব সাধাৰণ ৰাইজে ।

লগতে পঢ়ক:Fake gold smuggler arrested: ৰঙিয়া আৰক্ষীৰ জালত তিনি নকল সোণ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details