অসম

assam

ETV Bharat / state

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

প্ৰতিযোগিতাখনত ৰে'ল বিভাগৰ 26 টাকৈ সীমান্তৰ ৰে'ল বিভাগে অংশগ্ৰহণ কৰিছিল ৷ 26 খনকৈ তথ্যচিত্ৰৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে'লৱেই দ্বিতীয় স্থান লাভ কৰে। উত্তৰ পূব সীমান্ত ৰে'লৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে ৰে'ল বিভাগৰ কৰ্মচাৰী সকলক।

By

Published : Apr 30, 2019, 3:40 PM IST

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান


গুৱাহাটী , 30 এপ্ৰিল : ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ প্ৰতিযোগিতাত উত্তৰ পূব সীমান্ত ৰে'লৱেলৈ দ্বিতীয় স্থান ৷উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে উত্তৰ পূবত থকা ৰে'ল সেৱাৰ ওপৰত নিৰ্মাণ কৰিছিল পাঁচ মিনিটৰ এক তথ্যচিত্ৰ।

বিগত 26 তাৰিখে আহমেদাবাদত অনুষ্ঠিত ৰে'ল বিভাগৰ সৰ্বভাৰতীয় তথ্যচিত্ৰ নিৰ্মাণ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূব সীমান্ত ৰে'লৱে। উত্তৰ পূৱৰ ৰে'লৰ ইতিহাস আৰু ভৱিষ্যতকলৈ নিৰ্মাণ কৰা পাঁচ মিনিটৰ তথ্যচিত্ৰ আহমেদাবাদৰ প্ৰতিযোগিতাখনত প্ৰদৰ্শনৰ পাচত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

লগতে পঢ়ক : অৰ্থৰ অভাৱত অকালতে মৰহাৰ পথত এটি প্ৰতিভা

প্ৰতিযোগিতাখনত ৰে'ল বিভাগৰ 26 টাকৈ সীমান্তৰ ৰে'ল বিভাগে অংশগ্ৰহণ কৰিছিল ৷ 26 খনকৈ তথ্যচিত্ৰৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে'লৱেই স্থান লাভ কৰিবলৈ সক্ষম হয় । উত্তৰ পূব সীমান্ত ৰে'লৰ এই সফলতাই উৎফুল্লিত কৰি তুলিছে ৰে'ল বিভাগৰ কৰ্মচাৰী সকলক।

ABOUT THE AUTHOR

...view details