বিৰোধীৰ মতে, অখিল গগৈক 'জ'কাৰ' বুলি কোৱা হৈছে । গগৈক জ'কাৰ বোলা কথাটোৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ভৰত নৰহে । অখিল গগৈৰ বিৰুদ্ধে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত উত্থাপন হোৱাৰ পূৰ্বে ৰাজহুৱা কৰাৰ অভিযোগ । শাসক-বিৰোধীৰ তৰ্কযুদ্ধত উত্তপ্ত সদন ।
2.চৰাইদেউত ক'ভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন
ক'ভিড(Covid) নীতি (SOP) ভংগকাৰীৰ বিৰুদ্ধে চৰাইদেউ জিলাত কঠোৰ ব্যৱস্থা গ্ৰহণ চৰাইদেউ আৰক্ষী-প্ৰশাসনৰ ৷ আগন্তুক 7 দিনৰ বাবে ক’ভিড পৰিস্থিতি সন্দৰ্ভত চোকা দৃষ্টি ৰাখিব কৰিছে চৰাইদেউ জিলা প্ৰশাসন(Charaideo District Administration)এ ।
3.সৰুক্ষেত্ৰীত গঢ়ি উঠিছে পাট-মুগা শিল্প
বৰপেটা জিলাৰ সৰুক্ষেত্ৰী অঞ্চলত গঢ় লৈ উঠিছে পাট-মুগা শিল্পৰ বিশেষ উদ্যোগ ৷ বহুকেইখন গাঁৱত ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠিছে পাট-মুগাৰ তাঁতশিল্প (Handloom) ৷ অৱশ্যে, সম্প্ৰতি কৰ’ণা (Corona)ই আৰ্থিক ভাবুকি কঢ়িয়াইছে তাঁত শিল্পীসকলৰ মাজত ৷
4.সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ
পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বিধায়ক অখিল গগৈ ৷ আদালতে অখিল গগৈক দোষমুক্ত কৰাৰ পাছত নিয়াই পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈক চাৰ্জ ফ্ৰেম বিচাৰি আবেদন কৰিছে ।
5.যোৰহাটত তৃতীয় দিনাও অব্যাহত সম্পূৰ্ণ লক ডাউন
যোৰহাটত ক’ভিড আইন ভংগকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলা প্ৰশাসন ৷ যোৰহাট আৰক্ষীয়ে লক ডাউনৰ সময়ছোৱাত ক’ডিভ বিধি (Covid Protocal)ভংগ কৰা লোকৰ পৰা ১,৫৭,০০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷ আনহাতে আবকাৰী আৰু আৰক্ষী যুটীয়া প্ৰচেষ্টাত ধ্বংস কৰা হয় ২২,৯৩১ লিটাৰ অবৈধ দেশীয় চুলাই ৷
6.হায়দৰাবাদ আৰক্ষীৰ অভিযানত ২০ গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ
শিশুৱে শ্ৰম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাচতো একাংশ অসাধু লোকে কণ কণ শিশুক কামত লগোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । হায়দৰাবাদত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে ২০ গৰাকী শিশু শ্ৰমিক(child labourer) । মুস্কান-৭ অভিযানৰ অংশ হিচাপে হায়দৰাবাদ আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোট(Anti-Human Trafficking Unit)এ শিশুকেইটিক উদ্ধাৰ কৰে ।
7.একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 বিজেপি বিধায়কৰ
একেলগে পদত্যাগৰ সিদ্ধান্ত পশ্চিমবংগৰ 8 গৰাকীকৈ বিজেপি বিধায়কৰ ৷ পিএচচি(Public Account Committee) অধ্যক্ষ হিচাপে মুকুল ৰয়ক নিযুক্তি দিয়াৰ পাচতে বিধানসভাৰ স্থায়ী সমিতিৰ পৰা পদত্যাগৰ সিদ্ধান্ত বিধায়কসকলৰ ৷
8.Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত
"পঁইতা ভাত", নামটো শুনিলেই অসমৰ প্ৰায়বোৰৰ ঘৰৰে গৰম দিনৰ পুৱাৰ আহাৰৰ কথা মনলৈ আহে, নহয়নে ! পশ্চিমবংগৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ লোকৰো সমানে প্ৰিয় এই পঁইতা ভাত আৰু আলু পিটিকা । কিন্তু এইবাৰ টেলিভিছন শ্ব' MasterChef Australiaৰ বিচাৰকে জুতি ল'লে "পঁইতা ভাত"ৰ । বাংলাদেশী মূলৰ প্ৰতিযোগী কিশ্বৰ চৌধুৰীয়ে তৈয়াৰ কৰা এই থলুৱা খাদ্যই জয় কৰিলে বিচাৰকৰ মন ।
9.পাৱাৰ গ্ৰীডৰ অবিবেচক কাণ্ড: কটা গছ ভাঙি বিধ্বস্ত বিদ্যালয়
কলীয়াপানীৰ পৰা শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিলৈ পাৱাৰ গ্ৰীড কৰ্প’ৰেচনে 33 kv বিদ্যুৎ পৰিবাহী লাইন স্থাপনৰ বাবে প্ৰস্তাৱিত লাইনৰ দাঁতি কাষৰীয়া ওখ গছ কটাৰ কাম কৰি আছিল । তাৰপিছতে এজোপা প্ৰকাণ্ড গছ পৰি ডিব্ৰুৱাল চাউদাং প্ৰাথমিক বিদ্যালয়খন ধ্বংসস্তূপত পৰিণত হয় ৷
10.ধ্বংসৰ গৰাহত কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ
বৈজ্ঞানিক পদ্ধতিৰে হাঁহ পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ১৯৭৯ চনতে স্থাপন কৰা হৈছিল কলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটো ৷ প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কেন্দ্ৰটোৱে ৷