ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
বৃহস্পতিবাৰে ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত নিজ গৃহত মেজি জ্বলাই অশুভ শক্তি, অপায় অমঙ্গল মেজিৰ জুয়ে পুৰি নাশ কৰক বুলি কামনা কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
ভাৰত-ভূটান সীমান্তত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাত
কোকৰাঝাৰত ভাৰত-ভূটান সীমান্তত উত্তেজনা ৷ বনাঞ্চলৰ ভূমি দখল কৰিবলৈ অহাক কেন্দ্ৰ কৰি বুধবাৰে উল্টাপানী আৰু সৰলপাৰাৰ মাজৰ গোৰাই বজাৰ অঞ্চলত বনৰক্ষী আৰু বন বেদখলকাৰীৰ মাজত সংঘাতৰ সৃষ্টি ৷ বন বেদখলকাৰীৰ আক্ৰমণত 6 গৰাকী বনৰক্ষী আহত ৷ বেদখলকাৰীয়ে ভাঙি চূড়মাৰ কৰিলে বনকৰ্মীৰ গাড়ী ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 50 জাঁইৰো অধিক শূন্যলৈ গুলিচালনা ৷
পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ
বুধবাৰে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে বিজেপিয়ে ৷ পাটাছাৰকুছি সমষ্টিত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটালে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷
নিজ কৰ্তব্যৰ মাজতেই উৰুকা পালন মৰিগাঁৱৰ আৰক্ষীৰ
কৰ্মব্যস্ততাৰ মাজতে মৰিগাঁও জালুগুটিৰ আৰক্ষী চকীৰ জোৱান সকলে উৰুকাৰ নিশা বিহু গীতৰ তালে-তালে নাচি-বাগি উদযাপন কৰিলে হেঁপাহৰ উৰুকা ।
বেংগালুৰুত 'Veterans' দিৱসত উপস্থিত থাকিব ৰাজনাথ সিং
বৃহস্পতি বাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব সশস্ত্ৰ বাহিনীৰ ভেটেৰানচ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৷ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকিব চীফ অৱ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট ৷