অসম

assam

ETV Bharat / state

দুধনৈ থানাৰ নৱনিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বুধবাৰে গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ নৱ নিৰ্মিত থানা ভৱনটি উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে দুধনৈ থানাখনৰ নৱনিৰ্মিত গৃহটো ৷

দুধনৈ থানাৰ নৱনিৰ্মিত গৃহ মুকলি
দুধনৈ থানাৰ নৱনিৰ্মিত গৃহ মুকলি

By

Published : Aug 19, 2020, 7:22 PM IST

বকো, 19 আগষ্ট:ৰাজ্যৰ থানা সমূহৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মৈত্ৰী আঁচনিৰ অধীনত বুধবাৰে, গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ নৱ নিৰ্মিত থানা ভৱনটি উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সম্পূৰ্ণ স্বাস্থ্য বিধি ৰক্ষা কৰি ৰূপায়ন কৰা হয় উদ্ধোধনী অনুষ্ঠান ৷ 1898 চনতে প্ৰতিষ্ঠা কৰা থানাখন আধুনিক ৰূপত নিৰ্মাণ কৰিবলৈ পূৰ্বৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে যদিও, বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰখনে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই, অসমৰ বুকুত স্মাৰ্ট পুলিচ গঢ়ি তোলাৰ নিমিত্তে আৰক্ষী বিভাগৰ আন্তঃগাঁঠনি আধুনিক ৰূপত গঢ়িবলৈ এই আঁচনি গ্ৰহণ কৰা বুলি নিজৰ ভাষণযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

দুধনৈ থানাৰ নৱনিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ

অসমৰ 344 খন থানাক এক আধুনিক ৰূপ প্ৰদান কৰাৰ নিমিত্তে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথম পৰ্যায়ত চৰকাৰে খনে ইতিমধ্যে 73 খন থানাৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামো অতি শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে তেওঁ ৷ পূৰ্বৰ চৰকাৰৰ অৱহেলাৰ বাবেই দুধনৈ থানাখন জৰাজীৰ্ণ হৈ পৰি আছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যাৰ বাবে স্থানীয় লোককে ধৰি আৰক্ষী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ সেই বাবেই যাতে আৰক্ষী সকলে জনতাৰ হকে আৰু অধিক মনোবলেৰে কাম কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি যাতে আৰক্ষী সকলক কাম কৰাৰ ক্ষেত্ৰত এক সুস্থ পৰিৱেশ প্ৰদানৰ অৰ্থে চৰকাৰে এনে ধৰণৰ আঁচনি ৰূপায়ন কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:গান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

ABOUT THE AUTHOR

...view details