বকো, 1 জানুৱাৰী : আজি নৱবৰ্ষৰ প্ৰথম দিন ৷ কৰ‘ণা ভাইৰাছৰ বাবে দিয়া লক ডাউনৰ ফলত বিগত বছৰটোৰ যথেষ্ট সময়েই ৰাইজে ঘৰতে সময় পাৰ কৰিবলগীয়া হয় ৷ 2020 বৰ্ষৰ কালিমা লগা দিনবোৰক পাহৰি নতুন বছৰটোৱে আশাৰ বতৰা কঢ়িয়াই অনাৰ কামনা কৰিছে সকলোৱে ৷ কৰ‘ণা মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ পৰ্যটনস্থলী সমূহতো নতুন বছৰৰ লগে লগে পূৰ্বৰ দৰে নহ'লেও যথেষ্ট সংখ্যক ৰাইজে বনভোজৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
নৱবৰ্ষৰ প্ৰথমটো দিনত বকোৰ যমুনেশ্বৰ শিৱালয়ত ভক্তৰ ভিৰ - ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
কৰ‘ণা ভাইৰাছৰ ফলত দিয়া লক ডাউনৰ ফলত বিগত বছৰটোৰ যথেষ্ট সময়েই ৰাইজে ঘৰতে সময় পাৰ কৰিবলগীয়া হয় ৷ 2020 বৰ্ষৰ কালিমা লগা দিনবোৰক পাহৰি নতুন বছৰটোৱে আশাৰ বতৰা কঢ়িয়াই অনাৰ কামনা কৰিছে সকলোৱে ৷
নৱবৰ্ষৰ প্ৰথমটো দিনত বকোৰ যমুনেশ্বৰ শিৱালয়ত ভক্তৰ ভিৰ
ব্যতিক্ৰম নহ'ল বকোৰ নাগোপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত যমুনেশ্বৰ শিৱালয়ো ৷ নৱবৰ্ষৰ প্ৰথম দিনটোত যমুনেশ্বৰ শিৱালয়ত লানি নিছিগা ভক্তৰ শাৰী দেখিবলৈ পোৱা গৈছে । যোৱা ২০২০ চনতোত কৰ'ণা মহামাৰীয়ে ৰাইজক সৰ্বহাৰা কৰি পেলোৱাৰ পাচত আজি ২০২১ চনৰ পহিলা দিনটোতে ভক্তসকলে আগন্তুক দিনবোৰ ভালে-কুশলে যোৱাৰ বাবে ভগৱান শিৱৰ আগত আশীষ বিচাৰিলে ।
লগতে পঢ়ক : কাটিগঢ়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে