বাইহাটা, 20 জুলাই : ৰাজ্য কঁপোৱা HSLC পৰীক্ষাৰ মূল্যায়ন কেলেংকাৰীত জড়িত দুই অভিযুক্তক মঙলবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় । কামৰূপ জিলাত সংঘটিত মূল্যায়ন কেলেংকাৰীত জড়িত দুই অভিযুক্তক আটক কৰাৰ পাচতে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছিল আৰক্ষীয়ে ৷ আদালতত হাজিৰ কৰোৱাৰ পৰৱৰ্তী সময়ত অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷
এই দুই অভিযুক্ত আছিল ক্ৰমে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ কম্পিউটাৰ সহায়ক প্ৰশান্ত দাস আৰু মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ ৷ আদালতত হাজিৰ কৰাৰ পূৰ্বে দুই অভিযুক্তই সাংবাদিকৰ আগত কয়, তেওঁলোক নিৰ্দোষী ৷ আদালতৰ ওপৰত আস্থা ৰাখিছে, আদালতে সকলো বিচাৰ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে দুই অভিযুক্তই ৷
উল্লেখ্য যে, মূল্যায়ন কেলেংকাৰীৰ ৰাজসাক্ষী হ'ব ছেবাৰ সমন্বয়ক ফুলপাহী নাথ । কামৰূপ আৰক্ষীয়ে ফুলপাহী নাথক ৰাজসাক্ষীৰ কৰাৰ যাৱতীয় কাম-কাজ সম্পন্ন কৰিছে । আনফালে কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰশান্ত দাসক চাকৰি পৰা নিলম্বন কৰিছে শিক্ষা বিভাগে ।