অসম

assam

ETV Bharat / state

অভিনৱ প্ৰযুক্তিৰ উদ্ভাৱন আই আই টি গুৱাহাটীৰ - iit guwahati

ৰাজ্যত অচিৰেই নোহোৱা হ'ব পানীৰ পৰা ফ্ল'ৰাইড আৰু আৰ্চেনিক । আই আই টি গুৱাহাটীয়ে উদ্ভাৱন কৰি উলিয়াইছে এক অভিনৱ প্ৰযুক্তি ৷

অভিনৱ প্ৰযুক্তিৰ উদ্ভাৱন আই আই টি গুৱাহাটীৰ

By

Published : Aug 23, 2019, 4:33 PM IST

গুৱাহাটী, 23 আগষ্টঃ ফ্ল'ৰাইড,আৰ্চেনিকৰ ফলত হোৱা ভয়াৱহ ৰোগ সমূহৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে ৷ কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈয়ে এতিয়া ফ্ল'ৰাইড আৰু আৰ্চেনিক মুক্ত কৰিব পাৰিব পানীৰ পৰা ৷ আই আই টি গুৱাহাটীৰ ৰসায়ন বিজ্ঞান বিভাগে উদ্ভাৱন কৰা প্ৰযুক্তিৰ ফৰ্মূলা অৰ্পণ কৰে RD GROW GREEN PVT.LTDক। এক অনুষ্ঠানত আই আই টি গুৱাহাটীৰ সঞ্চালক পি জি চিটাৰাম আৰু উদ্যমী ৰাজীৱ সকীয়াৰ মাজত অনুষ্ঠিত এক বুজাবুজি চুক্তিমৰ্মে প্ৰযুক্তিটোৰ স্বত্ত্ব লাভ কৰে উদ্যোগটোৱে।

অভিনৱ প্ৰযুক্তিৰ উদ্ভাৱন আই আই টি গুৱাহাটীৰ

ABOUT THE AUTHOR

...view details