ৰঙিয়া, 7 নৱেম্বৰ : ৰঙিয়াত যান জঁটৰ সমস্যা সমাধানৰ বাবে 16 নৱেম্বৰৰ পৰা প্ৰযোজ্য হ'ব কেইবাটাও নিয়ম ৷ শুকুৰবাৰে মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ।
নিয়ম অনুসৰি,দিনৰ 10 বজাৰ পৰা আবেলি 4 বজালৈ ৰঙিয়া SBI বেংকৰ সন্মুখেৰে যোৱা মহাত্মা গান্ধী পথ,হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা ভূটান ৰোড পুলিচ পইণ্টলৈ আৰু ঈদগাহ ময়দানৰ পৰা ভূটান বাছষ্টেণ্ডলৈ ই-ৰিক্সা সোমাব নোৱাৰিব । লগতে, কামৰূপ জিলাৰ পঞ্জীয়ন নথকা কোনো ই-ৰিক্সা ৰঙিয়াৰ ৰাজপথত চলাবলৈ দিয়া নহ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ই-ৰিক্সা চলাচল বন্ধ কৰা হ'ব বুলি জানিবলৈ দিয়ে মহকুমাধিপতীয়ে । ইফালে,ঈদগাহ ময়দানৰ পৰা ৰে'লৱে লেভেল ক্ৰছিঙলৈ থকা পথছোৱাত গধূলি 6 বজালৈ তিনিচকীয়া আৰু চাৰিচকীয়া বাহনৰ পাৰ্কিং বন্ধ থাকিব । ৰঙিয়া নগৰৰ সকলো দোকান,ৰেষ্টোৰা আৰু বজাৰত দেওবাৰৰ বাহিৰে সপ্তাহটোৰ বাকী 6 দিনত ৰাতিপুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ সকলো ধৰণৰ সামগ্ৰীৰ লোডিং বন্ধ থাকিব ।
লগতে পঢ়ক :চৰকাৰৰ আৰ্চেনিক মুক্ত পানীৰ আঁচনিক লৈ মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক