বৰঝাৰ, 22 চেপ্তেম্বৰঃ এতিয়াৰ পৰা আৰম্ভ হ'ল গুৱাহাটী-বেংককৰ পোনপটীয়া বিমানসেৱা ৷ শনিবাৰে নিশা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত এই সেৱাৰ শুভাৰম্ভণী কৰা হয় ৷ এই বিমানসেৱা শুভাৰম্ভণী কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ NOK Air নামৰ প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে উক্ত বিমানসেৱা৷ শুভাৰম্ভণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে পৰিবহন তথা উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ লগতে ন'ক এয়াৰৰ বিষয়-ববীয়া । পূৰ্বতে বৰঝাৰ বিমানবন্দৰৰ কেৱল এই আন্তৰাষ্ট্ৰীয় সেৱা সম্ভৱ হৈছিল শাক-পাচলি,ফল-মুল ৰপ্তানিৰ ক্ষেত্ৰতহে ।
সুখবৰ! কম সময় আৰু কম খৰচত যাব পাৰিব বেংককলৈ
বেংকক ভ্ৰমণৰ পৰিকল্পনা আছে নেকি আপোনাৰ? তেন্তে সুখবৰ! 2 ঘন্টা 55 মিনিটতে আপুনি গুৱাহাটীৰ পৰা পাব গৈ বেংকক ৷ কিয়নো এতিয়াৰ পৰা আৰম্ভ হ'ল গুৱাহাটীৰ-বেংককৰ পোনপটীয়া বিমানসেৱা ৷
সুখবৰ! কম সময় আৰু কম খৰচত যাব পাৰিব বেংককলৈ
এই বিমানসেৱা আৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে - "এইয়া 'এক-ইষ্ট পলিচি' আৰু 'এড্ভান্টেজ আসাম'ৰ সুফল ৷" গুৱাহাটীৰ-বেংককৰ এই পোনপটীয়া বিমানসেৱাৰ ফলত দেশ তথা ৰাজ্যৰ শিক্ষা,স্বাস্থ্য,অৰ্থনীতি,সাংস্কৃতিক আৰু পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহন কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ৷
Last Updated : Sep 22, 2019, 10:57 PM IST