গুৱাহাটী, 5 জুনঃ আমিনগাঁৱত নতুনকৈ চিনাক্ত দুজনকৈ Covid-19 পজিটিভ ৰোগী। আমিনগাঁও মৰিয়াপট্টিৰ আকটাব খান(৫৩) আৰু মৰ্জিনা বেগম(২৭)ৰ দেহত পোৱা গৈছে Covid-19ৰ অৱস্থিতি। হোম কোৱাৰেণ্টাইনত থকা দুয়োজনৰ দেহত Covid-19ৰ অৱস্থিতি পোৱাৰ পাছত ইতিমধ্যে পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
আমিনগাঁৱত নতুনকৈ চিনাক্ত দুজনকৈ Covid-19 পজিটিভ ৰোগী - Covid-19
আমিনগাঁৱত নতুনকৈ চিনাক্ত দুজনকৈ Covid-19 পজিটিভ ৰোগী । মৰিয়াপট্টিৰ আকটাব খান(৫৩) আৰু মৰ্জিনা বেগম(২৭)ৰ দেহত পোৱা গৈছে Covid-19ৰ অৱস্থিতি । হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত চৰকাৰী নিৰ্দেশনাক অৱজ্ঞা কৰি দুয়ো আমিনগাঁৱৰ হাট-বজাৰ সকলোতে মুকলিকৈ ঘূৰি ফুৰিছিল । বহু লোক দুয়োজনৰ সংস্পৰ্শলৈ অহাৰ আশংকাত এতিয়া আতংকত ভুগিছে সমগ্ৰ আমিনগাওঁবাসী।
New Covid-19 positive person detected in Amingaon.
স্থানীয় লোকৰ অভিযোগ,হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত চৰকাৰী নিৰ্দেশনাক অৱজ্ঞা কৰি দুয়ো আমিনগাঁৱৰ হাট-বজাৰ সকলোতে মুকলিকৈ ঘূৰি ফুৰিছিল। ফলত অঞ্চলটোৰ বহু লোক আকটাব খান আৰু মাৰ্জিনা বেগমৰ সংস্পৰ্শলৈ অহাৰ আশংকাত এতিয়া আতংকত ভুগিছে সমগ্ৰ আমিনগাঁওবাসী।
লগতে চাওকঃ দেৱাশীষ গগৈৰ বাসগৃহত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া