অসম

assam

By

Published : Aug 2, 2021, 10:51 PM IST

ETV Bharat / state

দলং সম্পূৰ্ণ হোৱাৰ ৮ মাহ পিছতো যাতায়াত কৰিব পৰা নাই ৰাইজে

পকী দলঙখন নিৰ্মাণৰ কাম আঠমাহ পূৰ্বে সম্পূৰ্ণ হোৱাৰ পাছতো বৰ্তমানলৈ দলঙখনেৰে যাতায়াত কৰিব পৰা নাই ৰাইজে ৷ যাৰ বাবে কোঠৰা, গৰিয়াকোঠকে আদি কৰি বহুকেইখন গাঁৱৰ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভূগিবলগা হৈছে ।

new-bridge-in-rangia
দলং সম্পূৰ্ণ হোৱাৰ ৮ মাহ পিছতো যাতায়ত কৰিব পৰা নাই ৰাইজে

ৰঙিয়া, 2 আগষ্ট : ৰঙিয়াৰ কোঠৰাত এখন দলঙৰ বাবে যাতায়াতৰ নামত স্থানীয় লোকে দুৰ্ভোগ ভূগিবলগীয়া হৈছে । বৃহত্তৰ অঞ্চলটোৰ বাবে বহু প্ৰত্যাশিত পকী দলঙখন নিৰ্মাণৰ কাম আঠমাহ পূৰ্বে সম্পূৰ্ণ হোৱাৰ পাছতো বৰ্তমানলৈ দলঙখনেৰে যাতায়াত কৰিব পৰা নাই ৰাইজে ৷ যাৰ বাবে কোঠৰা, গৰিয়াকোঠকে আদি কৰি বহুকেইখন গাঁৱৰ ৰাইজে যাতায়াতৰ নামত জীয়াতু ভূগিবলগা হৈছে ।

দলং সম্পূৰ্ণ হোৱাৰ ৮ মাহ পিছতো যাতায়ত কৰিব পৰা নাই ৰাইজে

পকী দলঙখনৰ দুয়োটা মূৰৰ পথৰ অংশ নিৰ্মাণ নকৰাৰ বাবে দলঙখনেৰে যাতায়াত কৰিবলৈ সক্ষম হোৱা নাই গাঁৱকেইখনৰ লোক । দলং নিৰ্মাণ কৰা ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক দলঙৰ দুয়ো মূৰৰ অংশ নিৰ্মাণ কৰাৰ বাবে স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । এইলৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী ।

লগতে পঢ়ক :ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছ জব্দ

যাৰ বাবে নিৰ্মাণৰ গাফিলতিৰ অভিযোগ কৰি দলং নিৰ্মাণ কৰা ঠিকাদাৰক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে । গঞা ৰাইজে লগতে শীঘ্ৰে দলঙৰ দুয়ো মূৰৰ পথচোৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসন তথা স্থানীয় বিধায়কক দাবী জনাইছে ।

ABOUT THE AUTHOR

...view details