ৰঙিয়া, 8 আগষ্টঃ শক্তি বিভাগৰ অধীনৰ নবোদয় ফিডাৰৰ চূড়ান্ত দায়িত্বহীনতা ৷ ১ নং তুলসীবাৰীৰ পৰা গোপাল মাৰলী থানলৈ যোৱা পথৰ কাষত বাঁহৰ খুঁটাৰে টনা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী উন্মুক্ত তাঁৰে ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোলৈ । যিকোনো মুহূৰ্ততে ভয়াৱহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে অঞ্চলটোত । ইমানৰ পিছতো গা লৰা নাই শক্তি বিভাগৰ । এনে এক গুৰুতৰ সমস্যাতো বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ।
শক্তি বিভাগৰ গাফিলতিত আতংকিত ৰঙিয়াবাসী - বাঁহৰ খুঁটা
ৰঙিয়াত শক্তি বিভাগৰ অন্তৰ্গত নবোদয় ফিডাৰৰ চৰম দায়িত্বহীনতা । বাঁহৰ খুঁটাৰে টনা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ বিপজ্জনকভাৱে ওলমি থকাত যিকোনো মুহূৰ্ততে ভয়াৱহ দুৰ্ঘটনা হোৱাৰ আশংকাই দেখা দিছে অঞ্চলটোত ।
শক্তি বিভাগৰ গাফিলতিত আতংকিত ৰঙিয়াবাসী
উল্লেখ্য যে বিভাগটোৰ হেমাহিৰ বাবে বিপজ্জনকভাৱে এনেদৰে ওলমি থকা তাঁৰত বিদ্যুতৰ স্ফুলিংগৰ সৃষ্টি হোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বিভাগটোক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷