ৰঙিয়া, 5 ডিচেম্বৰ : এক বিশেষ সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে ৰঙিয়াৰ এজন যুৱকে ৷ নেবকাছৰ(NEBCUS) তৰফৰ পৰা 2021 বৰ্ষৰ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে মোবাৰক ইছলাম নামৰ যুৱকজনক(Rangia's youth won the Dr Bhupen Hazarika National Award for Photography) ৷ ফটোগ্ৰাফী শিতানত মোবাৰক ইছলামে লাভ কৰিছে এই বঁটা ৷
ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ অন্তৰ্গত মোবাৰকে তোলা বাদুলীৰ এখন বিশেষ ফটোৰ বাবে নেবকাছে উদীয়মান ফটোগ্ৰাফাৰজনলৈ প্ৰদান কৰিছে এই বিশেষ বঁটা ৷ শনিবাৰে গুৱাহাটী মহানগৰীস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নেবকাছে(NEBCUS) এই বঁটা প্ৰদান কৰে(NEBCUS conferred the Dr Bhupen Hazarika National Award for Photography to an youth of Rangia) ৷ মন কৰিবলগীয়া যে, বঁটা লাভ কৰা মোবাৰক ইছলামে ফটোগ্ৰাফীৰ বিষয়ত গ্ৰহণ কৰা নাই কোনো আনুষ্ঠানিক শিক্ষা ।