অসম

assam

ETV Bharat / state

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মেকআপ প্ৰতিযোগিতা লুমিয়েৰ ২০১৯

উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী মেকআপ প্ৰতিষ্ঠান ছানছাইন একাডেমী অব্ মেকআপ এণ্ড ষ্টাইলিঙৰ উদ্যোগত বাৰ্ষিক মেকআপ প্ৰতিযোগীতা লুমিয়েৰ ২০১৯ অনুষ্ঠিত হয় । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত অনুষ্ঠিত হোৱা এই মেকআপ প্ৰতিযোগিতাত ১৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

গুৱাহাটীত অনুষ্ঠিত লুমিয়েৰ ২০১৯

By

Published : Oct 12, 2019, 10:10 PM IST

কামৰূপ, 12 অক্টোবৰঃ উত্তৰ-পুৰ্বাঞ্চলৰ অগ্ৰণী মেকআপ প্ৰতিষ্ঠান ছানছাইন একাডেমী অব্ মেকআপ এণ্ড ষ্টাইলিঙৰ উদ্যোগত বাৰ্ষিক মেকআপ প্ৰতিযোগিতা লুমিয়েৰ ২০১৯ অনুষ্ঠিত হয় । বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত অনুষ্ঠিত হোৱা এই মেকআপ প্ৰতিযোগিতাত ১৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।

ছানচাইন একাডেমীয়ে এই বাৰ্ষিক প্ৰতিযোগীতা ২০১৭ চনৰ পৰাই অনুষ্ঠিত কৰি আহিছে । উক্ত প্ৰতিযোগিতাখনৰ মূল উদ্দেশ্যে হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান মেকআপ শিল্পীসকলক এখন পেছাদাৰী মঞ্চ প্ৰদান কৰা । শনিবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত ন্যুড মেকআপ, ব্ৰাইডেল মেকআপ আৰু ক্ৰিয়েটিভ মেকআপৰ ৩ টা ৰাউণ্ডৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠক ক্ৰমে ২৫,০০০ টকা, ১৫,০০০ টকা আৰু ১০,০০০ টকাৰ নগদ পুৰষ্কাৰ প্ৰদান কৰা হয় । তাৰোপৰি লগতে প্ৰতিযোগিতাৰ মূল পৰ্বত প্ৰৱেশ শীৰ্ষ ১০ গৰাকী শিল্পীলৈ উপহাৰ প্ৰদান কৰা হয় । উক্ত প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল বলিউডৰ মেকআপ আৰ্টিষ্ট শেখৰ ঘোষ, অভিনেত্ৰী জয়া শীল, ফেশ্বন মেকআপ উদ্যোগৰ অগ্ৰণী ব্যক্তি পাংকু হাজৰিকা আৰু এভ'ন উত্তৰ-পূৰ্বাঞ্চলৰ সঞ্চালিকা দীপশিখা বৰা ।

গুৱাহাটীত অনুষ্ঠিত লুমিয়েৰ ২০১৯

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details