বকো, 27 ছেপ্টেম্বৰ : বকোৰ বনগাঁও সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনৰ অসম-মেঘালয় সীমান্তত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ৷ কামৰূপ জিলাৰ বকোৰ গোহালকোনা চক্ৰৰ সকলো অংগনবাদী কেন্দ্ৰৰ দ্বাৰা বৃহস্পতিবাৰে পোষণ ৰেলী,সজাগতা সভা,পোষণ মেলা,আৰু চাফ - চিকুণকৈ হাত ধোৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানৰ আঁত ধৰে গোহালকোনা উপ-স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী অতনু মেধিয়ে ৷ আনহাতে, অনুষ্ঠানত অংশগ্ৰহণ কৰে বনগাঁও সংহত শিশু বিকাশ প্ৰকল্পৰ পৰ্যবেক্ষক কৃষ্ণা হাজৰিকা,ঝৰ্ণা দাস,ডালিমী ৰাভা,কণিকা দাস,পোষণ খণ্ড সমন্বয়ক সুৰুজমণি কলিতা আৰু খণ্ড আঁচনি সহায়ক কুশল বৰাই।
বকোত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন - বনগাঁও সংহত শিশু বিকাশ প্ৰকল্পৰ পৰ্যবেক্ষক কৃষ্ণা হাজৰিকা
বকোৰ বনগাঁও সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনৰ অসম-মেঘালয় সীমান্তত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ৷ কামৰূপ জিলাৰ বকোৰ গোহালকোনা চক্ৰৰ সকলো অংগনবাদী কেন্দ্ৰৰ দ্বাৰা বৃহস্পতিবাৰে পোষণ ৰেলী,সজাগতা সভা,পোষণ মেলা,আৰু চাফ-চিকুণকৈ হাত ধোৱাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
বনগাঁও সংহত শিশু বিকাশ প্ৰকল্পৰ পৰ্যবেক্ষক কৃষ্ণা হাজৰিকা
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে উলিওৱা পোষণ ৰেলীৰ উদ্বোধন কৰে গোহালকোনা গাঁৱৰ গাঁওবুঢ়া উইনাৰচন মাৰাকে। পোষণ ৰেলীৰ সমাপ্তিৰ পাছতে কৃষ্ণা হাজৰিকাৰ উপস্থিতিত অঞ্চলটোৰ মহিলা আৰু আশা কৰ্মীসকলৰ মাজত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,গাঁৱৰ মহিলা সম্বলিতে উইনাৰচন মাৰাকৰ সভাপতিত্বত এখন পোষণ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷