গুৱাহাটী, 5 আগষ্ট : এনআৰচিৰ শুনানিৰ বাবে বকোৰ প্ৰায় 30 হাজাৰ লোকলৈ চৰকাৰী কৰ্তৃপক্ষই জাননী প্ৰেৰণ কৰাৰ পাছতে ক্ষোভ প্ৰকাশ কৰে বকোৰ বিধায়িকা নন্দিতা দাসে ৷ শুনানিৰ বাবে গৈ নিশা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ চিকিৎসাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে বিধায়িকাগৰাকীয়ে ৷ ইয়াৰোপৰি, সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰিবৰ বাবে এইয়া বিজেপি তথা আৰএছএছ চৰকাৰৰ কূটিল ষড়যন্ত্ৰ বুলি মন্তব্য কৰে দাসে ৷ ৰাজনৈতিক পাকচক্ৰত পৰি এনআৰচি কৰ্তৃপক্ষই এনে অমানৱীয় সিদ্ধান্ত লোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে ।
এনআৰচিৰ নামত সংখ্যালঘুৰ বিৰুদ্ধে চৰকাৰৰ চক্ৰান্ত : নন্দিতা দাস - সংখ্য়ালঘু
এনআৰচি সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বকোৰ বিধায়িকা নন্দিতা দাসে ৷ এইয়া সংখ্য়ালঘুৰ বিৰুদ্ধে চৰকাৰী কৰ্তৃপক্ষৰ কূটিল ষড়যন্ত্ৰ বুলি মন্তব্য কৰে তেওঁ ৷
নন্দিতা দাস
আনহাতে, এনআৰচিৰ শুনানিৰ বাবে বিভিন্ন স্থানলৈ যোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ পৰাও কোনো সঁহাৰি নোপোৱাৰ কথা উল্লেখ কৰে বিধায়িকা নন্দিতা দাসে । শুনানিৰ বাবে গৈ নিশা দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ বাবে দুখ প্ৰকাশ কৰে বিধায়িকাগৰাকীয়ে ৷