অসম

assam

ETV Bharat / state

অগপৰ নেতা যতীন মালীক লৈ কংগ্ৰেছত বিসংবাদ

যতীন মালীয়ে কংগ্ৰেছত যোগদান কৰিয়ে কংগ্ৰেছৰ পৰা বিধান সভাত জয়ী হোৱাৰ প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষুব্ধ একাংশ কংগ্ৰেছ সমৰ্থক ৷

By

Published : Apr 5, 2019, 10:05 PM IST

যতীন মালীক লৈ কংগ্ৰেছত বিসংবাদ

গুৱাহাটী,5এপ্ৰিল: "কংগ্ৰেছলৈ আহিছে আগতে কাম কৰক । নহ'লে আমাৰ যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ এনেকুৱা একাংশ কৰ্মী আছে তেখেতৰ হাত-ভৰি সকলো ভাঙি দিব ।"- শুকুৰবাৰে দক্ষিণ কামৰূপত এই বিস্ফোৰক মন্তব্য মন্তব্য কংগ্ৰেছৰ নেতা নৱ তালুকদাৰৰ । বৃহস্পতিবাৰে কংগ্ৰেছ যোগদান কৰিয়ে যতীন মালীয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট লাভ কৰি জয়ী হ'ব বুলি মন্তব্য কৰি পূৰ্বৰ পলাশবাৰী সমষ্টিৰ দায়িত্বত থকা নৱ তালুকদাৰক আঁতৰোৱা হৈছে বুলি মন্তব্য কৰিছিল ৷ যাৰ পাচৰে পৰা কংগ্ৰেছৰ একাংশ কৰ্মী-সদস্যই মালীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে শুকুৰবাৰে কংগ্ৰেছৰ নেতা নৱ তালুকদাৰে তেওঁক কটাক্ষ কৰি কংগ্ৰেছত থাকি সপোন দেখা বাদ দি কংগ্ৰেছৰ হৈ কাম কৰিবলৈ সকীয়নি দিয়ে ৷

যতীন মালীক লৈ কংগ্ৰেছত বিসংবাদ

ABOUT THE AUTHOR

...view details