বকোত পৰিবহন বিভাগৰ অভিযান - পথ সুৰক্ষা
মঙলবাৰে বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কামৰূপ (গ্ৰাম্য) পৰিবহন বিভাগে । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত জিলা হিচাপে পৰিগণিত হোৱা কামৰূপত(গ্ৰাম্য) দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই অভিযান চলায় পৰিবহন বিভাগে ৷
কামৰূপ, 24 ছেপ্টেম্বৰঃ বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে আকস্মিক ভাৱে উপস্থিত হ'ল কামৰূপ (গ্ৰাম্য) পৰিবহন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বকো হাইস্কুলৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত এক তালাচী অভিযান চলাই পৰিবহন বিভাগে । এই অভিযান কালত হেলমেট পৰিধান নকৰা,সুৰামত্ত চালকৰ লগতে কম বয়সীয়া চালক সকলক জৰিমনা ভৰোৱাৰ উপৰিও তালাচী অভিযান চলায় ৷ আনহাতে পৰিবহন বিভাগে ৰাইজক মাইকেৰে পথ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু আগন্তুক ভাৰত চৰকাৰৰ দ্বাৰা অসমত অতি সোনকালে বলবৎ হ'বলগীয়া কঠোৰ নিয়মসমূহৰ বিষয়ে অৱগত কৰায় ।