বকো, 17 জুলাই :শংকৰ-আজানৰ দেশ অসম ভূমি ৷ ইয়াত হিন্দু-মুছলমান সকলো ভাই-ভাই (Hindu Muslim harmony) ৷ ইতিহাস ইয়াৰ সাক্ষী ৷ সেই ইতিহাসৰে যেন পুনৰাবৃত্তি ঘটাই একতাৰ বাৰ্তা কঢ়িয়াই আনিছে কামৰূপ জিলাৰ বকোৰ একাংশ ৰাইজে ৷
যি সময়ত হজৰত মহম্মদক এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে অপমান কৰা বিতৰ্কই সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে, তেনে সময়তে শংকৰ-আজানৰ দেশ অসমত 95 বছৰীয়া মঃ অজিমুল্লাহ শ্বেখে দিছে মহানুভৱতাৰ পৰিচয় ৷
প্ৰায় ডেৰ কঠাৰ ম্যাদী পট্টা মাটি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত টুৰুকপাৰা গাঁৱৰ মঃ অজিমুল্লাহ শ্বেখে দান কৰিছে অঞ্চলটোৰ হিন্দু পৰিয়ালসমূহক শ্মশান হিচাবে ব্যৱহাৰ কৰিবলৈ ৷ কিয়নো টুৰুকপাৰা গাঁৱৰ বাসিন্দাসকলৰ বাবে নাই কোনো নিৰ্দিষ্ট শ্মশান ৷ যাৰ বাবে অঞ্চলটোৰ হিন্দু ৰাইজে মৃতদেহ দাহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব লগা হয় ৷ কিন্তু এতিয়া মঃ অজিমুল্লাহ শ্বেখৰ পৰা শ্মশানৰ বাবে মাটিখিনি লাভ কৰি কিছু সকাহ লাভ কৰিছে অঞ্চলটোৰ হিন্দু পৰিয়ালসমূহে ৷