ৰঙিয়া, ২৬ ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ বোৱাৰী হত্যা । এইবাৰ কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা । ৰঙিয়াৰ গুৰকুছিৰ এটা সন্তানৰ মাতৃ জুৰি বেগমক স্বামীগৃহই হত্যা কৰাৰ অভিযোগ উত্থাপন । স্বামী খবিৰুদ্দিন আহমেদৰ লগতে শাহুৱেক মেহেৰুণ নেছাসহ চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তিনিবছৰ পূৰ্বে খবিৰুদ্দিন আহমেদৰ সৈতে জুৰি বেগমৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল । প্ৰায়ে জুৰিক নিশা আহাৰ গ্ৰহণ কৰিবলৈ বাধা প্ৰদান কৰি অহাৰ লগতে ভাবুকি প্ৰদান কৰাৰ কথা মাতৃগৃহত ফোনযোগে জনাইছিল জুৰি বেগমে । কিন্তু জুৰিৰ স্বামীগৃহৰ পৰিয়ালে দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছিল জুৰিক । বৃহস্পতিবাৰে নিশাও শাহুৱেকৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল বোৱাৰী জুৰিৰ । শুকুৰবাৰে পুৱাই ৰান্ধনীঘৰত জুৰিৰ মৃতদেহ উদ্ধাৰ হয় । নিশা হত্যা কৰি ৰান্ধনীঘৰত পেলাই থোৱাৰ অভিযোগ জুৰিৰ মাতৃ পৰিয়ালৰ । উল্লেখ্য যে, ৰঙিয়াৰ ইছলামপুৰত জুৰিৰ মাতৃঘৰ ।