অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

কোৰেৰে পত্নীক ঘপিয়ালে স্বামীয়ে । যৌতুক নিদিয়াৰ বাবে বকোত চাঞ্চল্যকৰ ঘটনা

By

Published : Apr 21, 2019, 12:43 PM IST

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

বকো,২১ এপ্ৰিলঃ বকোৰ সোণতলীত চাঞ্চল্যকৰ ঘটনা ৷ যৌতুক নিদিয়াৰ বাবে পত্নীক হত্যাৰ চেষ্টা স্বামীৰ ৷ শনিবাৰে কুঁহিয়াৰ খেতিৰ মাজলৈ নি পত্নী মমতা বেগমক কোৰেৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলাই বকোৰ ছাহেদ আলী নামৰ ব্যক্তিজনে। বকো থানাৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীৰ অধীনষ্ঠ পুৰাণ গাঁৱৰ জাবেদ আলীৰ কন্যা মমতা বেগমে ১৫ বছৰৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল ৰৌমাৰী গাঁৱৰ জোছন আলীৰ পুত্ৰ ছাহেদ আলীৰ সৈতে ৷ বিয়াৰ পিছৰে পৰাই যৌতুক বিচাৰি পত্নীক বিভিন্ন সময়ত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী ছাহেদ আলীয়ে ৷ স্বামীৰ অত্যাচাৰ বন্ধ কৰিবলৈ মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে মাটি বিক্ৰী কৰি ২ লাখ টকা যৌতুক হিচাপে দিছিল ছাহেদ আলীক ৷ইয়াৰ পিছতো ক্ষান্ত নাথাকি পুনৰ যৌতুকৰ দাবীৰে নিকৃষ্ট মানসিকতাৰ স্বামী ছাহেদ আলীয়ে আকৌ অত্যাচাৰ আৰম্ভ কৰে মহিলাগৰাকীৰ ওপৰত ৷

ৰাজ্যত পুনৰ যৌতুকৰ বলি এগৰাকী বোৱাৰী !

শনিবাৰে ছাহেদ আলীয়ে তেওঁৰ পত্নী মমতা বেগমক কুঁহিয়াৰ খেতিৰ মাজলৈ মাতি নি কোৰেৰে ডিঙিত ঘপিয়াই হত্যাৰ চেষ্টা চলায় ৷ তেনে অৱস্থাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ আগবাঢ়ি অহি স্বামীৰ কৱলৰ পৰা কোনোমতে ৰক্ষা কৰি তৎক্ষণাত ভৰ্তি কৰায় চিকিৎসালয়ত । আনহাতে ঘটনা সংঘটিত কৰাৰ পাছৰে পৰাই পলাতক অৱস্থাত আছে স্বামী ছাহেদ আলী । ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ ভাতৃয়ে ছাহেদ আলী তথা ছাহেদ আলীৰ পিতৃ জোছন আলী আৰু খুড়াক জাবেদ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সোণতলী আৰক্ষী চকীত ।

ABOUT THE AUTHOR

...view details