বকো,27 মে': বকোৰ জৱেপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ বুধবাৰে নিশা ঘৰ জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে শাহুৱেকে ৷ পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিত জোঁৱায়েক গনেশ ৰাভাই শাহুৱেক সাবিত্ৰী বড়োক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
দীৰ্ঘদিনৰ পৰা প্ৰায়ে পৰিয়ালটোৰ লোকৰ মাজত কাজিয়া সংঘটিত হৈ আহিছিল যদিও বুধবাৰে কাজিয়াই চৰম পৰ্যায় পায় ৷ অধিক মদ্যপান কৰি জোঁৱাৱেক গণেশ ৰাভাই জেওৰা খুটিৰে উপৰ্যুপৰি প্ৰহাৰ কৰি শাহুৱেক সাবিত্ৰী বড়োক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷