অসম

assam

By

Published : Dec 2, 2019, 4:03 PM IST

ETV Bharat / state

হাজোৰ সাতদলাত চাঞ্চল্যকৰ ঘটনা

হাজোৰ সাতদলাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । নিচাযুক্ত দ্ৰব্য খুৱাই দুজন লোকক সৰ্বস্ব লুটি পথৰ দাঁতিত পেলাই থৈ যায় দুৰ্বৃত্তই ৷

murder and robbery at hajo
হাজোৰ সাতদলাত চাঞ্চল্যকৰ ঘটনা

হাজো, 2 ডিচেম্বৰ :হাজোৰ সাতদলাত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । নিচাযুক্ত দ্ৰব্য খুৱাই দুজন লোকক সৰ্বস্ব লুটি পথৰ দাঁতিত পেলাই থৈ যায় দুৰ্বৃত্তই ৷ লোক দুজন জাহানুৰ আলী আৰু হুছেইন আলী ৷ জানিব পৰা মতে, লোক দুজনৰ ঘৰ নলবাৰী জিলাৰ মৰোৱাত । কৰ্মসূত্ৰে দুয়োজন বহিঃৰাজ্যৰ বাসিন্দা । গুৱাহাটী ISBT ৰ পৰা সোমবাৰে পুৱা গাড়ী ভাড়া কৰি নিজ ঘৰ অভিমুখে আহিছিল লোক দুজন ৷ সেই সময়তে দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই হাজোৰ সাতদলাৰ পথৰ দাঁতিত দুয়োকে পেলাই থৈ যায় । স্থানীয় ৰাইজৰ তৎপৰাত হাজো বিষ্ণুৰাম মেধি FRU লৈ লোক দুজনক লৈ যোৱা হয় ৷ লোক দুজনৰ অৱস্থা অধিক সংকটজনক হোৱা বাবে বিষ্ণুৰাম মেধি FRUৰ পৰা GMCH লৈ প্ৰেৰণ কৰা হয় ৷

হাজোৰ সাতদলাত চাঞ্চল্যকৰ ঘটনা

ABOUT THE AUTHOR

...view details