কামৰূপ,21আগষ্টঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ কান্দুপুৰত এগৰাকী বোৱাৰীক হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে । মহিলাগৰাকীৰ স্বামী পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস আৰু ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে । অভিযোগ অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা । স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই । কিন্তু সন্তান তিনিটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি উভতি গৈছিল স্বামী গৃহলৈ । কিন্তু মঙলবাৰে নিশা কবিতাৰ আকস্মিক মৃত্যু ঘটে ।
বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পলাশবাৰী; উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰে স্বামী গৃহ - প্ৰতিবাদ সাব্যস্ত
বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পলাশবাৰী আৰক্ষী থানা । পলাশবাৰীৰ কান্দুপুৰত এগৰাকী বোৱাৰীৰ ৰহস্য জনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি । স্বামী গৃহ লণ্ডভণ্ড কৰি, জ্বলাই দিলে উত্তেজিত ৰাইজে ।
ইপিনে কবিতাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ তুলি পৰিয়ালৰ লোকে ইতিমধ্যে স্বামী কৃষ্ণ দাস আৰু ভগ্নী পপিতা দাসৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । আনহাতে বুধবাৰে উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ডভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি প্ৰতিবাদ সাব্যস্ত কৰে । পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰে । লগতে অভিযুক্ত কৃষ্ণ দাস আৰু কৃষ্ণৰ ভনীয়ে পপিতা দাসক পলাশবাৰী আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে ।