অসম

assam

By

Published : Jan 31, 2021, 2:10 PM IST

ETV Bharat / state

বকোত অনুষ্ঠিত “মিষ্টাৰ কামৰূপ” দেহশ্ৰী প্ৰতিযোগিতা

বকোৰ জে দি ব’ডি ৱৰ্ল্ড জিমৰ সহযোগত আৰু এ’চছিয়েশ্যন অৱ ব’ডি বিল্ডাৰ্চ কামৰূপৰ সম্পাদক মনোৰঞ্জন কলিতাৰ তৎপৰতাত অষ্টাদশ বাৰ্ষিক কামৰূপ জিলা দেহশ্ৰী প্ৰতিযোগিতা–2020 খেল খন অনুষ্ঠিত কৰা হৈছে ।

বকোত অনুষ্ঠিত “মিষ্টাৰ কামৰূপ” দেহশ্ৰী প্ৰতিযোগিতা
বকোত অনুষ্ঠিত “মিষ্টাৰ কামৰূপ” দেহশ্ৰী প্ৰতিযোগিতা

বকো, 31 জানুৱাৰী : শৰীৰ চৰ্চা খেলৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ লোৱা লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি এ’চছিয়েশ্যন অৱ ব’ডি বিল্ডাৰ্চ কামৰূপে শনিবাৰে নিশা কামৰূপ জিলাৰ বকোত আয়োজন কৰে 18 তম “মিষ্টাৰ কামৰূপ” প্ৰতিযোগিতাৰ । বকোৰ জে দি ব’ডি ৱোল্ড জিমৰ সহযোগত আৰু এ’চছিয়েশ্যন অৱ ব’ডি বিল্ডাৰ্চ কামৰূপৰ সম্পাদক মনোৰঞ্জন কলিতাৰ তৎপৰতাত অষ্টাদশ বাৰ্ষিক কামৰূপ জিলা দেহশ্ৰী প্ৰতিযোগিতা–2020 খেলখন অনুষ্ঠিত কৰা হৈছে ।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখন পৰিচালনা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু সম্পাদক হিৰেণ ৰাভাই জনোৱা মতে প্ৰতিযোগিতা খনত মেন ফিটনেছ, মিছ ফিটনেছ, ছিনিয়ৰ মি:কামৰূপ আৰু জুনিয়ৰ মি:কামৰূপ আদি শিতানত অনুষ্ঠিত কৰিছে ।

বকোত অনুষ্ঠিত “মিষ্টাৰ কামৰূপ” দেহশ্ৰী প্ৰতিযোগিতা

আনহাতেদি বকোস্থিত গান্ধী মৈদানৰ ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা মিষ্টাৰ কামৰূপ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি উদ্বোধন কৰে বিটিচি কাউন্সিলৰ মুখ্য সচিব তথা কামৰূপ জিলা ব’ডি বিল্ডাৰ্চ এ’চছিয়েশ্যনৰ সভাপতি নৰেন চন্দ্ৰ বসুমতাৰীয়ে । মঞ্চত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই ৷ খেলখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মিষ্টাৰ ইউনিৰ্ভাছ দীপক গগৈয়ে । প্ৰতিযোগিতাত বহু কেইজন বিশিষ্ট ক্ৰীড়াবিদ আৰু বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে । উল্লেখযোগ্য যে, এই আকৰ্ষণীয় দেহশ্ৰী প্ৰতিযোগিতাখনত মি:কামৰূপ খিতাপ অৰ্জন কৰে কামৰূপ জিলাৰ সোণাপুৰক সুশীল দাসে ।

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনীয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details