অসম

assam

By

Published : Dec 4, 2019, 3:18 PM IST

ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয় লাভ অসমৰ ৯ গৰাকীকৈ সন্তান

ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBFয়ে আয়োজন কৰা Mr Universe দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ নাম উজ্বলালে ৯ গৰাকীকৈ লোকে । Mr Universe দেহশ্ৰী প্ৰতিযোগিতাত বিভিন্ন শাখাত আজুৰি আনিলে বিভিন্ন পদক ৷

কামৰূপ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয় লাভ অসমৰ ৯ গৰাকীকৈ সন্তান

কামৰূপ, 4 ডিচেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে অসম সন্তানে। দেহশ্ৰী জগতত অসমৰ নাম উজ্বলোৱা অসম সন্তানক বৰঝাৰ বিমানবন্দৰৰ পৰা আদৰি নিলে শতাধিক লোকে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলালে অসমৰ ৯ গৰাকীকৈ সন্তানে । ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBFয়ে আয়োজন কৰা Mr Universe দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ নাম উজ্বলালে ৯ গৰাকীকৈ লোকে ।Mr Universe দেহশ্ৰী প্ৰতিযোগিতাত বিভিন্ন শাখাত আজুৰি আনিলে বিভিন্ন পদক। বিগত ৩০ নৱেম্বৰত থাইলেণ্ডৰ পাটিয়া চহৰত অনুস্থিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত প্ৰায় ২৫০ৰো অধিক লোকক পৰাভূত কৰি আজুৰি আনিলে পদক । অসম সন্তান দ্বীপজ্যোতি বড়োৱে Mr Universe fitness modal overall,Mr Asia Overall, Mr Universe খিতাপ দখল কৰি আজুৰি আনিলে সোণৰ পদক,অম্লানজ্যোতি ৰাভাই আজুৰি আনিলে সোনৰ পদক আৰু ভাস্কৰজ্যোতিয়ে দুটা শিতানত আজুৰি আনিলে ৰূপৰ পদক।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জয়লাভ অসমৰ ৯ গৰাকীকৈ সন্তান

একদৰে বিভিন্ন শিতানত বিজুৰাম বড়ো,অতনু বৰুৱা,মনজিত পাল,প্ৰসেনজিত কৰ্মকাৰ,মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতাইও ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। বুধবাৰে থাইলেণ্ডৰ পৰা দলটো আহি উপস্থিত হয় নিজ মাতৃভূমিত। বৰঝাৰ বিমানবন্দৰত আটাইকেইজন উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনাই বিভিন্ন দল-সংগঠনে ।

আৰু পঢ়কঃ গড়চুকত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details