অসম

assam

ETV Bharat / state

Scam নহয় স্কীমেৰেহে শাসনলৈ আহিছে বিজেপি : দিলীপ শইকীয়া

'স্কেম নহয় স্কীমেৰেহে শাসনলৈ আহিছে বিজেপি । কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত চৰকাৰে কোনো ধৰণৰ দুৰ্নীতি কৰা নাই । আঁচনিখনত দুই-এজন অযোগ্য হিতাধিকাৰী আছিল যদিও তেওঁলোকে ধন ওভতাই দিছে'- এই মন্তব্য মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ।

By

Published : Jul 25, 2021, 10:06 PM IST

mp dilip saikia
Scam নহয় Schemeৰ জৰিয়তেহে শাসনলৈ আহিছে বিজেপি

বাইহাটা, ২৫ জুলাই : শেহতীয়াকৈ অসম জাতীয় পৰিষদ দলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কৃষক সন্মান নিধি আঁচনিত (krishak samman nidhi yojana) দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছিল । সেই অভিযোগৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia) কয় যে আঁচনিখন ৰূপায়ণত দুই-এটা সৰু-সুৰা খুঁটি-নাটি আছিল যদিও সেয়া দূৰ কৰি প্ৰকৃত কৃষকসকলক আঁচনিখনৰ যোগেৰে উপকৃত কৰা হৈছে । কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেন্দুকোণাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন প্ৰদান শিবিৰ (Vaccination camp) পৰিদৰ্শন কৰি সাংসদ গৰাকীয়ে অসম জাতীয় পৰিষদক(Assam Jatiya Parishad) সমালোচনা কৰে ৷

ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) নেতৃত্বত ভেকচিন প্ৰদানৰ অভিলাষী কাৰ্যসূচী চলি থকাৰ কথা প্ৰকাশ কৰে ৷

ভেকচিন প্ৰদান শিবিৰত উপস্থিত মঙলদৈৰ সাংসদ

ভেকচিন প্ৰদানৰ ক্ষেত্ৰত দেশে আমেৰিকা, ইংলেণ্ড, আফ্ৰিকা, অষ্ট্ৰেলিয়াৰ দৰে দেশৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে । ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ ১৮ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰা হ'ব ৷ ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰো ১৮ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভেকচিন লাভ কৰিব বুলি সাংসদগৰাকীয়ে নিশ্চিতি প্ৰদান কৰে । কৰ'ণা (Corona) মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভেকচিনৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে প্ৰতিগৰাকী লোককে ভেকচিন গ্ৰহণৰ বাবে আহ্বান জনায় ।

আনহাতে ৰাজ্যৰ কোনো কোনো প্ৰান্তত দেখা দিয়া খৰাং সদৃশ পৰিস্থিতি সন্দৰ্ভতো মত প্ৰকাশ কৰে সাংসদ শইকীয়াই । খৰাং সদৃশ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি দাবী কৰি মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই খৰাং পীড়িত অঞ্চলবোৰত চৰকাৰে বিকল্প কৃষিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে । কৃষকৰ সৈতে চৰকাৰ আছে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কৃষকসকলক প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ সুবিধা ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প...

ABOUT THE AUTHOR

...view details