অসম

assam

ETV Bharat / state

MP Dilip Saikia slams oppositions : একত্ৰিত হোৱাৰ আশাত থকা বিৰোধীক কটাক্ষ দিলীপ শইকীয়াৰ - Dilip Saikia on Kejriwal Assam visits

বিৰোধীৰ বৈঠক সম্পৰ্কে দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (MP Dilip Saikia on oppositions meeting)। কংগ্ৰেছক সমালোচনা শইকীয়াৰ । অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণক লৈও প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ।

MP Dilip Saikia slams oppositions
বিৰোধীক কটাক্ষ দিলীপ শইকীয়াৰ

By

Published : Mar 13, 2023, 1:52 PM IST

বিৰোধীক কটাক্ষ দিলীপ শইকীয়াৰ

ৰঙিয়া,১৩ মাৰ্চ :শেহতীয়াকৈ কংগ্ৰেছৰ নেতৃত্বত ১০ টাকৈ বিৰোধী দলে একত্ৰিত হোৱাৰ লক্ষ্যৰে বৈঠক অনুষ্ঠিত কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Assam oppositions meeting)। বিৰোধীৰ এনে বৈঠকৰ পাছতে শাসকীয় পক্ষৰ নেতাসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে । সাংসদ দিলীপ শইকীয়াইও এইবাৰ বিৰোধীক তীব্ৰ সমালোচনা কৰিছে । মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ মতে ১০ টা দলক নেতৃত্ব দিব ওলোৱা কংগ্ৰেছৰ নিজৰে অৱস্থা তথৈবচ ।

ইতিপূৰ্বে কংগ্ৰেছৰ নেতৃত্বত প্ৰতিটো দলে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ বেয়াকৈ মুখ থেকেচা খাইছে (MP Dilip Saikia slams oppositions)। এইবাৰো ১৪ খন আসন লাভ কৰিব বুলি আশা কৰাটো কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁটৰ বাবে আকাশত চাং পতাৰ লেখিয়া কথা বুলিও বিৰোধীক তীব্ৰ সমালোচনা কৰে দিলীপ শইকীয়াই । দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল এইবাৰ কংগ্ৰেছ মুক্ত হ'ব বুলি কৈ ৰাইজে পুনৰ কংগ্ৰেছক বিশ্বাসত কেতিয়াও নলয় বুলিও উল্লেখ কৰে বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে ।

ইফালে কংগ্ৰেছে নেতৃত্ব লোৱা মহাজোঁটত এইবাৰ এ আই ইউ ডি এফ নথকা সম্পৰ্কত মন্তব্য কৰি সাংসদগৰাকীয়ে দুয়োটা দলকে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি অভিহিত কৰে (Dilip Saikia on Congress and AIUDF relations)। বাহিৰত কুস্তি খেল দেখুৱালেও ভিতৰি দুয়োটা দলৰে বন্ধুত্ব আছে বুলি কটাক্ষ কৰি তেওঁ কয় যে বাহিৰত যিমানেই মত বিৰোধ নেদেখাওক কিয় সংসদৰ ভিতৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দুয়োটা দলে ইটোৱে আনটোক সমৰ্থন আগবঢ়াই আহিছে ।

আনহাতে অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ তেওঁ দিল্লীৰ মুখ‍্যমন্ত্ৰীগৰাকীক অসমলৈ স্বাগতম জনায় (Arvind Kejriwal Assam visits)। তেওঁ কয় যে উপ মুখ‍্যমন্ত্ৰী মনীষ চিছোদিয়া সুৰাৰ কেলেংকাৰীত কাৰাগাৰত আৱদ্ধ হৈ থকাৰ লগতে দলটোৰ আন আন কেইবাগৰাকীও নেতা-কৰ্মীৰ নাম বিভিন্ন কেলেংকাৰীত সাঙোৰ খাই পৰিছে । দলটোক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা আঁতৰত ৰাখিবলৈ অৰবিন্দ কেজৰিৱালে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত (Dilip Saikia on Kejriwal Assam visits)।

লগতে পঢ়ক :Lurinjyoti Gogoi slams Govt: বিজেপিয়ে আগৰে পৰা কৰি আহিছে সস্তীয়া ৰাজনীতি; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details