বাইহাটা, 26 জুন :বানমুক্ত অসম গঢ়াৰ সংকল্পৰে অসমত বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰিছে । সেয়ে ৰাজ্যখনক বানমুক্ত কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ । কিন্তু ইয়াৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন । বানমুক্ত অসম গঢ়াৰ বাবে বৰ্তমান চৰকাৰে দীৰ্ঘম্যাদী কাম হাতত লৈছে । নিশা কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই মন্তব্য কৰে(MP Dilip Saikia comments on permanent flood solution) ।
সমষ্টিটোৰ দালাঙ মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি সাংসদগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বুজ লয় । সংহাৰী বানৰ বাবে বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰা 80 টা পৰিয়ালৰ সৈতে মত বিনিময় কৰি সাংসদগৰাকীয়ে সাহাৰ্য সামগ্ৰী প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নহয় বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।