অসম

assam

ভুৱনেশ্বৰ কলিতাৰ সভাত বয়োজ্যেষ্ঠৰ পৰিৱৰ্তে শিশুৰ অংশগ্ৰহণ

By

Published : Mar 29, 2021, 4:58 PM IST

সোমবাৰে ৰঙিয়াৰ উদিয়ানাত নিৰ্বাচনী প্ৰচাৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ ৷ সভাত অধিক সংখ্যক বয়োজ্যেষ্ঠৰ পৰিৱৰ্তে শিশুকহে ভাগ লোৱা পৰিলক্ষিত হয় ৷ উপায়হীন হৈ শিশুসকলৰ সন্মুখতে ভাষণ দিয়ে সাংসদ গৰাকীয়ে ৷

bhubneswar-kalita-election-campaign
ভুৱনেশ্বৰ কলিতাৰ সভা

ৰঙিয়া,29 মাৰ্চ: ৰঙিয়াৰ উদিয়ানাত সোমবাৰে মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই । কিন্তু লক্ষ্যণীয় কথাটো হ’ল-সাংসদ গৰাকীৰ নিৰ্বাচনী সভাত অধিক সংখ্যক বয়োজ্যেষ্ঠৰ পৰিৱৰ্তে দেখা গ’ল শিশুক ৷

শিশুসকলৰ সন্মুখতে ভাষণ প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে । ভুৱনেশ্বৰ কলিতাৰ মন্তব্য অনুসৰি, চৰকাৰে শিশুসকলৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে ৷ সেয়েহে নিৰ্বাচনী সভাত এনেদৰে শিশুসকলে অংশগ্ৰহণ কৰিছে ।

ভুৱনেশ্বৰ কলিতাৰ সভা

সভাত সাংসদ কলিতাই মহিলাসকলক উদ্দেশ্যি বহু আঁচনিৰ কথা ক’বলৈ চেষ্টা কৰে যদিও মহিলাসকলে আঁচনি লাভ কৰা নাই বুলি উত্তৰ দিয়ে । ইয়াৰ পাচতে কথাৰ সুৰ সলাই তেওঁ কয় যে, এই আঁচনিসমূহ মহিলাসকলৰ বাবে নহয় ৷

পৰৱৰ্তী সময়ত সভাত উপস্থিত হয় জনপ্ৰিয় অভিনেতা যতীন বৰা । যতীন বৰা অহাৰ লগে লগে কেইবা শতাধিক লোকো উপস্থিত হয় সভাস্থলীত । যতীন বৰা অহাৰ লগে লগতে ৰাইজৰ উপস্থিতি দেখি যেন সকাহ পালে সাংসদ কলিতাই ৷

লগতে পঢ়ক :বিশ্বনাথত ভোজপুৰী পৰিষদৰ হোলী উপলক্ষে শোভাযাত্রা

ABOUT THE AUTHOR

...view details