ৰঙিয়া, ৫অক্টোবৰ:মহানৱমীৰ নিশা ৰঙিয়াত উপস্থিত হৈ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে (MP Bhubaneswar Kalita comment on Congress) । ইয়াৰ মাজতেই তেওঁ কংগ্ৰেছ দলক সবল কৰাৰ বাবে কেইবাটাও টিপছ্ আগবঢ়ালে । সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে কোনেও নিবিচাৰে কংগ্ৰেছ দল দুৰ্বল হৈ যাওঁক । কংগ্ৰেছে যদি শক্তিশালী হ'ব লাগে নিজেই শক্তিশালী হ'ব লাগিব । কংগ্ৰেছ যদি এই দুৰ্বলতাৰ পৰা ওলাই আহিব লাগে তেওঁলোক অধিক সক্ৰিয় হ’ব লাগিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।
সাংসদ ভুৱনেশ্বৰ কলিতাই পুনৰ প্ৰশ্ন কৰে যে কংগ্ৰেছ দলে নেতাসকলক তথা কৰ্মীসকলক কিয় ধৰি ৰাখিব পৰা নাই । তাৰ অৰ্থ এইটোৱে যে কংগ্ৰেছ দলৰ এতিয়া কোনো কাৰ্যসূচী নাই । আৰু সেই কাৰ্যসূচী নোহোৱা মূলতেই দলৰ নেতৃত্ব, সভাপতি, সাংসদ, বিধায়ক জগৰীয়া বুলি তেওঁ কয় । গতিকে ইয়াক বিশেষ ব্যৱস্থা আছে বুলি সাংসদ কলিতাই মন্তব্য় কৰে ।