ৰঙিয়া,২১ নৱেম্বৰ :ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ সেৱাৰ গুণগত মানদণ্ড নিৰীক্ষণ কৰাৰ লক্ষ্যৰে ২০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য সেৱা উৎসৱ-২ । স্বাস্থ্য সেৱা উৎসৱ-২ উপলক্ষে ৰঙিয়াৰ আগশাৰীৰ চিকিৎসালয় হিচাপে পৰিচিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য সেৱা পৰ্যৱেক্ষণ কৰাৰ লক্ষ্যৰে উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । চিকিৎসালয়খনৰ চিকিৎসকলৰ সৈতে মত বিনিময় কৰি অভাৱ-অভিযোগৰ বুজ লয় সাংসদ ভূৱনেশ্বৰ কলিতাই ।
ৰঙিয়া মডেল হাস্পতালৰ উপ-অধীক্ষক নৱনীতা বৰাৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে ভূৱনেশ্বৰ কলিতাক ফুলাম গামোচা আৰু জাপিৰে আদৰণি জনায় । ইয়াৰ পিছতে সাংসদ ভূৱনেশ্বৰ কলিতাই সকলো দিশ চোৱাচিতা কৰি বুজ লয় । মুলত চিকিৎসালয়সমূহত মুল্যায়ণ কৰাৰ বাবে এনেদৰে ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক আৰু মহকুমা চিকিৎসালয়ৰ লগতে স্বাস্থ্য কেন্দ্ৰ ৰাজ্য চৰকাৰে অধিক গতিশীল কৰাৰ বাবে এনেদৰে মুল্যায়ন পদ্ধতিৰ ব্যৱস্থা কৰিছে ।